নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রাম্য অর্থনীতিলৈ নতুন আশা কঢ়িওৱা নগাবাটৰ সাপ্তাহিক বজাৰ

  • সঞ্জয় ৰবিদাস,বৰহোলা

যোগান আৰু চাহিদা সৃষ্টিৰে সুস্থ–সবল অর্থনীতি বর্তাই ৰাখে একো একোখনবজাৰে৷ বৰহোলাৰ নগাবাট বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰখন বৃহত্তৰ বৰহোলা অঞ্চলৰ পানীখেতি, ক’লাজান, বেকাজান, তৰাণি, অভয়পুৰীয়া, মুক্তিনগৰ, অন্নপূর্ণা, ৰাইডাংজুৰি, শুকানজান আদি গাঁৱৰ বাসিন্দাসকলৰ বাবে অর্থ উপার্জনৰ অন্যতম এক উৎস৷ প্রতিটো সপ্তাহৰ বৃহস্পতিবাৰে অনুষ্ঠিতবহু যুগ পুৰণি বজাৰখনত স্থানীয় খেতিয়কসকলে কুইণ্টলে কুইণ্টলে পাণ–তামোল, চেনিকল, জাহাজীকল বিক্রী কৰি আর্থিকভাৱে লাভৱান্বিত হৈ পৰিয়াল পোহপাল দি আহিছে৷ অঞ্চলটোৰ ৰাইজে প্রতি বৃহস্পতিবাৰে শাক–পাচলি, ফলমূল লৈ বজাৰলৈ আহে আৰু সেইসমূহ বিক্রী কৰি পোৱা টকাৰে দৈনন্দিন নিত্য প্রয়োজনীয় সামগ্রীসমূহ উক্ত বজাৰৰ পৰাই ক্রয় কৰি ঘৰমুৱা হয়৷ বজাৰখনত বিভিন্ন কল, কুঁহিয়াৰ, শাক–পাচলি আদি বিভিন্ন খাদ্যশস্যৰ লগতে মচলাৰ পৰা আদি কৰি মাছ, মাংস, দা–কটাৰী, কাপোৰ–কানিলৈকে নিত্য প্রয়োজনীয় সকলোবস্তু উপলব্ধ৷ এইবজাৰখন তিতাবৰ মহকুমাৰ এখন উল্লেখযোগ্য বৃহৎ বজাৰ৷ ইয়ালৈ কাষৰীয়া নাগালেণ্ডৰ পৰাও নগা লোকসকল অহাৰ লগতে যোৰহাট, গোলাঘাট আদি জিলাৰ পৰা ব্যৱসায়ীসকল আহি ভিৰ কৰেহি৷ ড্রাকে ড্রাকে সৰবৰাহ হয় তামোল–পাণ, কল, নাৰিকল৷ অঞ্চলটোৰ খেতিয়কসকলে উদ্যান শস্যৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে সন্তানৰ পঢ়া–শুনা খৰচ, ঘৰ নির্মাণ, যান–বাহন ক্রয় আদি বিভিন্ন তৰহৰ উন্নয়ন সাধিছে৷ এক কথাত ভোগালী ঠাইখনৰ বাবেই এনে এখন বৃহৎ বজাৰৰ সৃষ্টি হ’বলৈ পাইছে৷ অঞ্চলটোৰ মহিলাসকলেও আত্মসহায়ক গোটৰ উদ্যোগত পশুপালন কৰি স্বাৱলম্বিতাৰ নিদর্শন দেখুওৱাৰ সমান্তৰালকৈ তাঁতশালত বৈ উলিয়ায় হাজাৰ হাজাৰ গামোচা৷ সুবৃহৎ সাপ্তাহিক বজাৰখন গাতে লাগি থকা বাবে অঞ্চলটোৰ ৰাইজে যুগ যুগ ধৰি উৎপাদনমুখী কামত মনোনিৱেশ কৰি আহিছে৷ বাৰিষা ধানখেতিতব্যস্ত থকা অঞ্চলটোৰ পৰিশ্রমী মানুহৰ ঘৰে ঘৰে শাৰী শাৰী পাণ–তামোলৰ বাৰী, শাক–পাচলিৰ খেতিপথাৰ, হঁাহ–কুকুৰা, গৰু–ছাগলী, মাছৰ পুখুৰী, গাহৰি–ব্রইলাৰ ফার্ম আদিয়ে বৃহত্তৰ বৰহোলা অঞ্চলটোৰ গ্রাম্য অর্থনীতিলৈ সেউজ বার্তা কঢ়িয়াই আনিছে ৷

You might also like