নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্প্রীতিৰ চানেকিৰে সোণাৰিৰ এখন বিশেষ বজাৰ

  • আব্দুল জব্বৰ, সোণাৰি

সীমা সমস্যা, সময়ে সময়ে নানা দিশত উত্তেজনা, সংঘাত আদিয়ে চৰাইদেউ জিলাৰ অসম–নাগালেণ্ড সীমাৱর্তী অঞ্চলসমূহ সততে অস্থিৰ কৰি আহিছে যদিও এই সকলো নেওচি এখন বিশেষ বজাৰে জিলা সদৰ সোণাৰিত সকলোৰে দৃষ্টি সর্বদা আকর্ষিত কৰি আহিছে৷ যিখন বজাৰত পাহাৰ–ভৈয়ামৰ সম্প্রীতিৰ মিলনৰ এনাজৰীডাল সুন্দৰকৈ পৰিলক্ষিত হয়৷ দুই ৰাজ্যৰ সর্বসাধাৰণ জনতাই সকলো ৰাজনৈতিক চিন্তা–ভাৱনাৰ ঊর্ধ্বত গৈ সমন্বয়ৰ সেতু গঢ়ি তুলিছে৷ সোণাৰিৰ দৈনিক বজাৰৰ কিছু বিশেষ স্থানৰ লগতে ভজো চাৰিআলি অঞ্চলত বিগত কেইবা দশক ধৰি চৰাইদেউ জিলাৰ গাতে লাগি থকা নাগালেণ্ডৰ ম’ন জিলাৰ, অৰুণাচল আদিৰ বিভিন্ন স্থানৰ পৰা অহা নগা ভাই–ভনীহঁতে নিয়মীয়াকৈ বিক্রী কৰি আহিছে নানা কেঁচা খাদ্যসামগ্রী৷ দুইপ্রতিবেশী ৰাজ্যৰ সর্বসাধাৰণ জনতাৰ মাজত থকা শ শ বছৰীয়া যাউতীযুগীয়া সম্পর্ক এইবজাৰখনত অতি আত্মীয়তাৰে প্রতিফলিত হৈছে৷ বজাৰখনলৈ নগা ভাই–ভনীহতে খাং ভৰাই নিতৌ পাহাৰৰ পৰা ভৈয়ামলৈ বেহাবলৈ লৈ আহে ভিন ভিন খাদ্যবস্তু৷ এই খাঙত থাকে জৈৱিকভাৱে উৎপাদিত নানা শাক–পাচলি আদিৰ লগতে আদা, কচু, ভোট জলকীয়া, পাণ, অমিতা আদি৷ নিচেই পুৱাতে আহি বেলি লহিওৱাৰ পূর্বে কঢ়িয়াই লৈ অহা সামগ্রী সোণাৰিৰ বজাৰত বিক্রী কৰি আৱশ্যকীয় বস্তু–বাহানি, নিত্য ব্যৱহার্য নানা খাদ্যসামগ্রী ক্রয় কৰি উভতি যায়৷ নগা ভাই–ভনীহঁতে বছৰ বছৰ ধৰি জীৱিকা নির্বাহৰ এইবাট বুলিছে যদিও অতি পৰিতাপৰ বিষয় যে যি সময়ত বহিৰাগত বণিকগোষ্ঠীয়ে অসমৰ নগৰ–চহৰ, গাঁও–ভূঁইত শ শ বিঘা মাটি দখল কৰি বেপাৰ–বাণিজ্য কৰিবলৈ সক্ষম হৈছে সেই সময়ত নগা ভাই–ভনীহঁতক সোণাৰি নগৰত নিগাজিকৈব্যৱসায় কৰিবলৈ তেওঁলোকক আজিকোপতি এটুকুৰা ঠাই দিয়া হোৱা নাই৷ অতিসম্প্রতি চৰাইদেউ জিলাৰ একাধিক অঞ্চলত এই নগা ভনীসকলে বেহা–বেপাৰ চলাবলৈ আৰম্ভ কৰিছে৷ প্রসংগক্রমে উল্লেখ্য যে নাগালেণ্ডৰ ম’ন জিলাৰ টিজিতত সপ্তাহৰ মূৰে মূৰে বহা এখন সাপ্তাহিক বজাৰত অসমৰ পৰা যোৱা ব্যৱসায়ীসকলক বেহা–বেপাৰ চলাবলৈ নগা ভাই–ভনীহঁতে নানা সা–সুবিধা দিয়াৰ লগতে ব্যৱসায় গৃহ পর্যন্ত সাজি দিছে যদিও সোণাৰিত কিন্তু ইয়াৰ বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে৷ সেয়ে দুই ৰাজ্যৰ সর্বসাধাৰণ জনতাৰ মাজত সাতামপুৰুষীয়া সম্পর্কৰ বান্ধোন অটুট ৰাখিব পৰাকৈ এক বাস্তৱসন্মত পদক্ষেপ লোৱাটো সময়ৰ দাবী৷ পাহাৰীয়া ভাই–ভনীহঁতক এক উপযুক্ত মর্যাদা প্রদান কৰি এই সাতামপুৰুষীয়া সম্পর্ক অটুট ৰখাটো সময়ৰ দাবী৷ এতিয়া সময়েহে ক’ব চৰাইদেউ জিলা প্রশাসন নতুবা সোণাৰি পৌৰসভাই এইক্ষেত্রত কেনেধৰণৰ সহযোগিতা আগবঢ়ায়৷

You might also like