নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলাহগাঁৱৰ পথাৰত সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্রচেষ্টা

  • তপন কটকী, পুৰণিগুদাম

যি সময়ত একাংশ যুৱ প্রজন্মই কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, সেই সময়তে এখন বিশেষ পথাৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷বহিঃৰাজ্যত গৈ কর্মসংস্থাপনৰ পথ বিচৰাৰ পৰিৱর্তে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱর্তী চলচলি মৌজাৰ অন্তর্গত জলাহগাঁৱৰ একাংশ যুৱকে সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্রচেষ্টা চলাইছে৷ জলাহৰ প্রায় এহাজাৰ বিঘাৰো অধিক মাটিত আধুনিক পদ্ধতিৰে সৰিয়হ খেতি কৰি এইসকল লোকে একপ্রকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে৷ সাধাৰণতে কৃষিকর্মৰ প্রতি অনীহা প্রকাশ কৰা যুৱ প্রজন্মৰ বাবে আদর্শস্বৰূপ এইসকল যুৱকে সৰিয়হৰ লগতে অন্যান্য খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে পোহপাল দিছে প্রায় দুশৰো অধিক পৰিয়ালক৷ আঘোণৰ পথাৰত ধান চপোৱাৰ পাছত খৰালিৰবতৰত গাঁওখনৰ প্রায় ২০০জন কৃষকে বিশাল পথাৰখনৰ প্রায় এক হাজাৰ বিঘাতকৈও অধিক মাটিত সৰিয়হৰ খেতি কৰি আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ কৃষকসকলে জনোৱা মতে, খেতি ভাল হ’লে এক বিঘা মাটিত অত্যধিক পাঁচ মোন পর্যন্ত সৰিয়হ উৎপাদন কৰি প্রতি কুইণ্টলত চাৰি হাজাৰ টকালৈকে বিক্রী কৰি ধন উপার্জন কৰিব পাৰিব৷ আনহাতে কর্মোদ্যমী কৃষকে কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্রয়াস চলাইছে যদিও আজিকোপতি অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা লাভ কৰা নাই কোনো সুযোগ–সুবিধা৷ ইয়াৰ পৰিৱর্তে কৃষি বিভাগৰ স্থানীয় যিগৰাকী গ্রামসেৱক আছে, তেওঁলোকে কেৱল কম পৰিমাণে সৰিয়হৰ বীজ বিতৰণ কৰিয়ে দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় কৃষকসকলে৷ লগতে কৃষকসকলে কৃষি বিভাগক অতি শীঘ্রেই তেওঁলোকক সহায়–সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে৷ ইয়াৰ বিপৰীতে কিন্তু গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে কর্মোদ্যমী যুৱকসকলক৷ আনহাতে হাজাৰ বিঘাৰো অধিক সৰিয়হ খেতি কৰাৰ ফলতে এইসকল যুৱকৰ জৰিয়তেই যথেষ্ট উপকৃত হৈছে মৌপালকসকল৷ সৰিয়হ খেতিয়ে আশাৰ সঞ্চাৰ কৰিছে স্থানীয় মৌপালকসকলৰ মাজত৷ উল্লেখ্য যে পুৰণিগুদামৰ নিকটৱর্তী জলাহৰ সৰিয়হ খেতিৰ এই অপূর্ব নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ জলাহৰ পথাৰলৈ প্রতিদিনাই আহিব ধৰিছে অজস্র লোক৷

You might also like