নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘণ্টাৰ বাবে শ্বিলঙত বন্ধ ইণ্টাৰনেট সেৱাঃ সান্ধ্য আইন জাৰি

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ সান্ধ্য আইনৰ কৱলত এতিয়া মেঘালয়ৰ শ্বিলং । ৪৮ ঘণ্টাৰ বাবে শ্বিলঙত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা । ইষ্ট খাচী হিলছৰ শ্বিলা সমষ্টিত খাচী ছাত্ৰ সন্থা আৰু একাংশ সন্দেহযুক্ত নাগৰিকৰ সৈতে সংৰ্ঘষৰ পিচতেই শুকুৰবাৰে মৃত্যু হৈছিল এজন লোকৰ । ইয়াৰ পাচতেই গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু উপায়ুক্তৰ সৈতে অনুষ্ঠিত হৈছিল এক বৈঠক । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কনৰাড চাংমাই এক তদন্তৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিৰোধী সংগঠন আৰু ইনাৰ লাইন পাৰ্মিট বিচৰা দুটা পক্ষৰ মাজত বৈঠকত চলি থকাৰ পিচতেই সৃষ্টি হয় এই সংঘাত । বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে শ্বিলঙত ।

You might also like