নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত গাঁওবুঢ়াৰ একাধিক পদ খালী

গোলাঘাট জিলাৰ গোলাঘাট, দেৰগাঁও, খুমটাই, মৰঙি, বোকাখাত আৰু সৰুপথাৰ ৰাজহ চক্রৰ ঘিলাধাৰী, দক্ষিণ হেংগেৰা, মৌখোৱা, কছাৰীহাট, ঢ়েকীয়াল, কাকডোঙা, গুৰযোগনীয়া, দেৰগাঁও, মিছামৰা, ৰঙামাটি, মৰঙি, বোকাখাত, কাজিৰঙা আৰু সৰুপথাৰ মৌজাৰ অধীনত একাধিক গাঁৱত গাঁওবুঢ়াৰ পদ পূৰণ কৰা হ’ব৷

ইতিমধ্যে এই বিষয়ে গোলাঘাট জিলাৰ উপায়ুক্তই নিয়োগ বিজ্ঞাপন প্রকাশ কৰি স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ গাঁওবুঢ়াৰ পদ পূৰণ হ’বলগীয়া গাঁওসমূহ হৈছে– ঘিলাধাৰী মৌজাৰ ২নং ফেচুৱাল, চাৰিপুৰীয়া/১নং কছাৰী গাঁও, দক্ষিণ হেংগেৰা মৌজাৰ নাওশলীয়া পথাৰ, মৌখোৱা মৌজাৰ ভগাগাঁও বেঙেনাখোৱা আৰু চিনাতলী, কছাৰীহাট মৌজাৰ মাউত গাঁও–১ আৰু মাউত গাঁও–২, ঢ়েকীয়াল মৌজাৰ দোলাষৰীয়া, কাকডোঙা মৌজাৰ ১নং চোমনি গাঁও, গুৰযোগনীয়া মৌজাৰ ২নং যোগনীয়া গাঁও, দেৰগাঁও মৌজাৰ হাঁহপানী গাঁও, ধেমাজি গাঁও, মিছামৰা মৌজাৰ খকন্দগুৰি গাঁও আৰু মামৰণি গাঁও, হাঁহচোৱা, ৰঙামাটি মৌজাৰ মৰঙিয়াল দৈতাল, ৰঙাগড়া চাপৰি, কৈৱর্ত গাঁও, বাদুলিপাৰা গ্রাণ্ট, ৰঙামাটি গ্রাণ্ট, বালিচাপৰি, কাঞ্চা চাপৰি, গুলোং দৈতাল, মৰঙি মৌজাৰ বৰচাপৰি, বৰগৰীয়া গাঁও, বৰগৰীয়া চাপৰি, কালিয়নি, লেতেকু চাপৰি, ৰজাবাৰী বাগান, বোকাখাত মৌজাৰ নাহৰজান বাগান, টিপুজান বাগান, শিলভেটা কাকজান, ১নং কাকজান, ২নং কাকজান, নাহৰজান গ্রাণ্ট, গেলেকা গেলেকী গাঁও, গড়মূৰ গাঁও, ইকৰাজান বাগান, ঘগড়া পথাৰ, যুগল আটি, লখৌজান, লখৌজান বাগান, ৰজাবাৰী, খটীয়াখলী, নেপালীখুঁটি, বৰচাপৰি বাগান, কুৰুৱাবাহী, কুৰুৱাবাহী সত্র, বৰাইখোৱা, কাজিৰঙা মৌজাৰ বহিখোৱা, বেলগুৰি, বচাগাঁও, ডিৰিং বাগান, ২নং ডুমজান, সৰুপথাৰ মৌজাৰ নাহৰণি, বৰবালি, কাচমাৰী, টেঙাবাৰী, বেবেজীয়া, বৰপথাৰ মৌজাৰ সেৱাগুৰি, ধনশিৰিপাৰ, টেঙাহুলা, লতাজুৰি, গোহাঁইগাঁও৷ আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁওখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ বয়স নূ্যনতম ২৫ বছৰ৷ শিক্ষাগত অর্হতা নূ্যনতম দশম শ্রেণী৷ আবেদনকাৰী আর্থিকভাৱে দেউলীয়া বা কোনো চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব৷

শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব৷ চৰকাৰী চাকৰিয়াল হ’ব নালাগিব৷ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব৷ কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নোৱাৰিব৷ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব৷ আগ্রহীসকলে আবেদনৰ লগত পাছপ’ট আকাৰৰ দুকপী ফটো, স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র, বয়স আৰু শিক্ষাগত অর্হতাৰ প্রমাণ–পত্র, বাকীজাঁই দেনামুক্ত প্রমাণ–পত্র, স্থাৱৰ সম্পত্তিৰ প্রমাণ–পত্র আৰু আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান নাই বুলি উল্লেখ কৰি এখন শপতনামা পত্র গোলাঘাট জিলাৰ উপায়ুক্তৰ কার্যালয়ত দাখিল কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৩ ছেপ্ঢেম্বৰ, ২০২১৷

You might also like