নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃক হেৰুৱাই শোকত ভাগি পৰিল অক্ষয় কুমাৰঃ ক’লে-‘ভীষণ কষ্ট হৈছে’

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ছবি জগতৰ অতি জনপ্রিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ আজি দেহাৱসান ঘটিছে৷ জানিব পৰা মতে, অৰুণা ভাটিয়া দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে নিজেই তেওঁৰ মাতৃৰ মৃত্যৰ খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে অৰুণাদেৱীক অসুস্থতাৰ বাবে যোৱা কেইদিনমান ধৰি হিৰানন্দনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আনহাতে, অক্ষয়ে ব্ৰিটেইনত তেওঁৰ আহিবলগীয়া ছবি চিণ্ড্ৰেলা (Cinderella)ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল। কিন্তু মাকৰ স্বাস্থ্যৰ অৱনতি বিষয়ে জানি তেওঁ যোৱা সোমবাৰে পোনপটীয়াকৈ মুম্বাইত উপস্থিত হৈছিল।

You might also like