নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকর্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ–নির্বাচন

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ৰাজ্যৰ ছটাকৈ সমষ্টিত অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ ইয়াৰে অন্যতম আকর্ষণীয় ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিতো আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী কুছকাৱাজ৷ সমষ্টিটোক প্রতিনিধিত্ব কৰা ইউপিপিএল দলৰ বিধায়ক তথা প্রাক্তন ৰাজহ চক্র বিষয়া লেহোৰাম বডো ক’ভিডত আক্রান্ত হৈ অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱাৰ লগে লগে বিগত কেইমাহমান ধৰি বিধায়কবিহীন হৈ আছে সমষ্টিটো৷ এসময়ত বিপিএফৰ অন্যতম দুর্গৰূপে পৰিচিত সমষ্টিটোৰ বিপিএফৰ প্রার্থী ৰঞ্জা খুংগুৰ বসুমতাৰীয়ে বিগত বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত নিজ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে একপ্রকাৰে ইউপিপিএলৰ দখলত যোৱা সমষ্টিটোৱে ৰাজনৈতিক মহলত বিশেষ চর্চা লাভ কৰি আহিছে৷ কিন্তু সম্প্রতি বিপিএফ দলে বিজেপিৰে চামিল হোৱাৰ ইংগিত দি দলীয় প্রার্থিত্ব প্রক্ষেপ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে সমষ্টিটোৱে গতি কৰিছে আন এক দিশলৈ৷সমষ্টিটো বিজেপি দলে মিত্রদল ইউপিপিএলক এৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে প্রমোদ বডো নেতৃত্বাধীন দলটোৰ ভিতৰচ’ৰাত প্রার্থিত্বকেন্দ্রিক সংঘাতে উকমুকনি দিয়াৰ সম্ভাৱনাই দেখা দিছে৷

সমষ্টিটোৰ পৰা এইবেলি নির্বাচনত ইউপিপিএল দলৰ পৰা কেইবাজনো শীর্ষ তথা যুৱনেতাই প্রার্থিত্ব বিচাৰি দলৰ শীর্ষ মহলৰ দৃষ্টি আকর্ষণ কৰাৰ প্রচেষ্টাত ব্রতী হৈছে৷এইসকলৰ ভিতৰত দৰঙাজুলি ব্লক ইউপিপিএলৰ উপ–সভাপতি জলেন দৈমাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী, সাধাৰণ সম্পাদক ফলিন্দ্র নার্জাৰী, কেন্দ্রীয় কার্যনির্বাহক ৰাফেল দৈমাৰী, সক্রিয় সদস্য যতীন মুছাহাৰী,ব্যৱসায়ী সোণেশ্বৰ বডো আদি অন্যতম৷ ইয়াৰে কোনগৰাকী নেতাই শেষ পর্যায়ত প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হ’ব তাৰ প্রতি দৃষ্টি নিবব্ধ হৈ আছে সমষ্টিটোৰ ৰাজনৈতিক মহলৰ৷ ইপিনে দুবাৰৰ বিধায়ক তথা বিপিএফৰ প্রাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ দলৰ সংগ ত্যাগ কৰি বিজেপিত যোগদান কৰিয়ে সমষ্টিটোৰ ভিন্ন প্রান্তত গেৰুৱা দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ লগতে বিগত নির্বাচনত বিজেপিৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ আছিল যদিও দলটোৱে প্রমোদ বডো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে মিত্রতাত আবদ্ধ হোৱাৰ সূত্রে সমষ্টিটোত দলীয় প্রার্থী থিয় কৰোৱা নাছিল৷যাৰবাবে টিকট বঞ্চিত হৈয়ো মিত্রদলক সম্পূর্ণ সহযোগিতা আগবঢ়াইছিল মুছাহাৰীয়ে৷ সমষ্টিটোত পুনৰাই হ’ব লগা উপ–নির্বাচনৰ বাবে দলীয় প্রার্থীৰূপে অৱতীর্ণ হোৱাৰ মন মেলিছিল মুছাহাৰীয়ে৷

কিন্তু শেহতীয়াভাৱে মিত্রদল ইউপিপিএলক সমষ্টিটো এৰি দিয়াৰ কথা হাইকমাণ্ডে ঘোষণা কৰাৰ লগে লগে প্রাক্তন বিধায়কগৰাকীয়ে প্রার্থিত্ব লাভ নকৰাটো নিশ্চিত হৈ পৰিল৷ যাৰ বাবে দলীয় টিকটৰ আশা বাদ দি নির্দলীয় প্রার্থীৰূপে থিয় দিয়াৰ মন মেলিছে তেওঁ৷প্রাক্তন বিধায়ক হোৱাৰ সুবাদতে সমষ্টিটোত এতিয়াও ভেটি মজবুত আছে মুছাহাৰীৰ৷ যাৰ বাবে একাংশ সমর্থকক লগত লৈ সমষ্টিটোৰ ভিন্ন প্রান্তত তৎপৰ হৈ পৰিছে মুছাহাৰী৷ একাংশ বিজেপি কর্মী তথা বিপিএফৰ প্রাক্তন বহু নেতা–কর্মীৰ সৈতে এতিয়াও মধুৰ সম্পর্ক আছে প্রাক্তন বিধায়কগৰাকীৰ৷ তেনেস্থলত আসন্ন উপ–নির্বাচনত নির্দলীয় প্রার্থীৰূপে থিয় দি প্রতিদ্বন্দ্বীৰ অংকত আউল লগাব পাৰে মুছাহাৰীয়ে৷ আনহাতে কংগ্রেছ দলৰ পৰা এইবেলি সমষ্টিটোত দলটোৰ সম্পাদক তথা গোর্খা জনগোষ্ঠীৰ নেতা ভাস্কৰ দাহালে প্রার্থিত্ব লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ দাহালেও সমষ্টিটোৰ ভিন্ন প্রান্তত তৎপৰতা আৰম্ভ কৰিছে৷ এনে প্রেক্ষাপটত প্রাক্তন বিধায়ক মুছাহাৰী আৰু ভাস্কৰ দাহালে মিত্রদলৰ সমীকৰণ ওলট–পালট কৰাৰ সম্ভাৱনাই দেখা দিছে৷

You might also like