বিএছএনএলত শিক্ষকৰ ১০০ পদ খালীঃ অন্তিম দিন ১৬ মার্চ
দেশৰ অন্যতম অগ্রণী আৰু পুৰণি দূৰসংযোগ কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হৈছে স্নাতক আৰু ডিপ্ল’মাধাৰী শিক্ষা নবিচৰ ১০০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি স্নাতক শিক্ষা নবিচৰ পদসমূহ ইলেক্ট্রনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং (৭৫) বিভাগত পূৰণ কৰা হ’ব৷ আনহাতে ডিপ্ল’মাধাৰী কাৰিকৰী শিক্ষা নবিচৰ পদসমূহ ইলেক্ট্রনিক্স কমিউনিকেচন ইঞ্জিনীয়াৰিং (২৫) বিভাগত পূৰণ কৰা হ’ব৷ স্নাতক শিক্ষা নবিচ পদৰ প্রার্থীয়ে ইঞ্জিনীয়াৰিং/টেকন’লজীৰ ডিগ্রীধাৰী হ’ব লাগিব৷ আনহাতে ডিপ্ল’মাধাৰী কাৰিকৰী শিক্ষা নবিচ পদৰ প্রার্থীয়ে ইঞ্জিনীয়াৰিং/টেকন’লজীৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ স্নাতক শিক্ষা নবিচ পদৰ প্রার্থীয়ে প্রশিক্ষণৰ সময়ছোৱাত মাহে ৪,৯৮৪ টকা লাভ কৰিব৷ আনহাতে ডিপ্ল’মাধাৰী কাৰিকৰী শিক্ষা নবিচ পদৰ প্রার্থীয়ে প্রশিক্ষণৰ সময়ছোৱাত মাহে ৩,৫৪২ টকা লাভ কৰিব৷ বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, আবেদন মাচুল পৰিশোধ প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.mhrdnats.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ মার্চ ২০২০৷