সীমান্ত সুৰক্ষা বাহিনীত ৩১৭ পদঃ ১৬ মার্চৰ ভিতৰত আবেদন আহ্বান
প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ত মুকলি হৈছে নিযুক্তি লাভৰ সুযোগ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিএছএফৰ নিযুক্তি বিভাগৰ কমাণ্ডেণ্টে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– এছআই–মাষ্টাৰ (৫), এছআই–ইঞ্জিন ড্রাইভাৰ (৯), এছআই–ৱর্কশ্বপ (৩), এইচচি–মাষ্টাৰ (৫৬), এইচচি–ইঞ্জিন ড্রাইভাৰ (৬৮), এইচ চি–ৱর্কশ্বপ(১৬), চিটী–ক্রিউ (১৬০)৷ প্রার্থী দশম/দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা আৰু কেন্দ্রীয় অথবা ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকৰণৰ দ্বাৰা মাষ্টাৰ/ইঞ্জিন ড্রাইভাৰ/মেৰাইন/ছেৰাং/ টেকনিকেল/ইলেক্ট্র’নিক্স/প্লাম্বিঙৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ টকা, ২৫,৫০০–৮১,১০০ টকা আৰু ২১,৭০০–৬৯,১০০ টকা৷ উপৰিউক্ত পদসমূহ বাহিনীটোৰ ৱাটাৰ উইং বিভাগত পূৰণ কৰা হ’ব৷ বয়স ২০–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীয়ে চৰকাৰী বিধিগত ৰেহাই পাব৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফট অথবা পোষ্টেল অর্ডাৰযোগে ২০০ টকা এছআই–মাষ্টাৰ/ৱর্কশ্বপ/ইঞ্জিন ড্রাইভাৰ পদৰ বাবে আৰু ১০০ টকা অন্যান্য পদবোৰৰ বাবে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছচি, এছটি, সীমান্ত সুৰক্ষা বাহিনী আৰু প্রাক্তন কর্মচাৰী পদৰ প্রার্থীয়ে এই মাচুল দিব নালাগে৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.bsf.nic.in & www.bsf.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম দিন ১৬ মার্চ ২০২০৷