নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় পাছপ’ট সংগঠনত ১৬ পদত চাকৰি

কেন্দ্রীয় চৰকাৰৰ বৈদেশিক পৰিক্রমা বিভাগৰ অধীনস্থ কেন্দ্রীয় পাছপ’ট সংগঠনত(The Central Passport Organization) খালী হৈছে ১৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি Deputy Passport Officer (PSP-Admn & Cadre)–এ এক বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Passport Officerৰ ৩ পদ পূৰণ হ’বলগীয়া নগৰসমূহ হৈছে–Bengaluru,Chennai আৰুGhaziabad৷

প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/প্রতিষ্ঠিত শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী আৰু কেন্দ্রীয়/ৰাজ্য চৰকাৰৰ কার্যালয়ত Passport/Consular/Administration/Finance/Accounts/Vigilance Work/Emigration বিষয়া হিচাপে ১০ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৭৮,৮০০–২,০৯,২০০ টকা৷ আনহাতে,Deputy Passport Officerৰ ১৩ পদ পূৰণ হ’বলগীয়া নগৰসমূহ হৈছে–Cochin, Delhi, Guwahati, Jaipur, Kozhikode, Lucknow, Kolkata, Mumbai, Madurai, Nagpur, Pune, Ranchi আৰ Visakhapatnam৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/ প্রতিষ্ঠিত শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী আৰু কেন্দ্রীয়/ ৰাজ্য চৰকাৰৰ কার্যালয়ত Passport/Consular/Administration/Finance/Accounts/Vigilance Work/Emigration বিষয়া হিচাপে ৭ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৬৭,৭০০–২,০৮,৭০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.mea.gov.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনTo The Deputy Passport Officer (PSP-Admn & Cadre), Govt. of India, Ministry of External Affairs, PSP Division, Patiala House Annexe, Tilak Marg, New Delhi-110001 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২ মার্চ, ২০২১৷

You might also like