নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম পেট্র’কেমিকেলছ লিমিটেডত ৬ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২৪ ফেব্রুৱাৰী

অসম পেট্র’কেমিকেলছ লিমিটেড(Assam Petro-Chemicals Ltd.)ত খালী হৈছে ৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ মানৱ সম্পদ বিভাগৰDy. General Manager–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রার্থীBoitamari Project অধীনত বঙাইগাঁও জিলাত নিয়োগ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Typist-Cum-Clerk (2), Helper (2) আৰ Junior Peon (2)৷Typist-Cum-Clerk পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰুComputer Application বিষয়ত ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱাৰ লগতেMS Officeৰ জ্ঞান থকা হ’ব লাগিব৷

নিযুক্তিৰ ক্ষেত্রত Public/Private SectorৰManufacturing Industriesত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ আনহাতে,Helper পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতPublic/Private SectorৰManufacturing Industries, Petrochemicals, Oil Refinery Sectorত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ শেষত, Junior Peon পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব Typist-Cum-Clerk পদৰ প্রার্থীয়ে প্রথম বছৰত ১১,০০০ টকা, দ্বিতীয় বছৰত ১৩,৫০০ টকা আৰু তৃতীয় বছৰত ১৬,০০০ টকা লাভ কৰিব৷

আনহাতে,Helper আৰুJunior Peon পদৰ প্রার্থীয়ে প্রথম বছৰত ৯,০০০ টকা, দ্বিতীয় বছৰত ১১,৫০০ টকা আৰু তৃতীয় বছৰত ১৪,০০০ টকা লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ৪০ বছৰ৷ বয়স ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://assampetrochemicals.co.in/pdf/adv_060221.pdf লগ ইন কৰিব পাৰে৷

যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo The, Dy. General Manager (HR), Assam Petro-Chemicals Limited, Namrup, P.O.- Parbatpur – 786623, Dist. – Dibrugarh (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ ফেব্রুৱাৰী, ২০২১৷

You might also like