নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SSC ত কনিষ্টবলৰ ২৫,২৭১ পদৰ বিজ্ঞাপনঃ আজিয়ে কৰক আবেদন

ষ্টাফ ছিলেকচন কমিছন চমুকৈ এছএছচিয়ে দেশৰ কেইবাটাও সেনা বাহিনীত খালী হোৱা কনিষ্টবলৰ ২৫,২৭১ পদৰ এক বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, উক্ত খালী পদসমূহConstable-General Duty আৰুRifleman-General Duty বিভাগত বিভক্ত৷

Constable-General Dutyৰ পদসমূহ Border Security Force, Central Industrial Security Force, Indo Tibetan Border Police, Sashastra Seema Bal, Secretariat Security Forceত পূৰণ কৰা হ’ব৷

আনহাতে Rifleman-General Duty পদকেইটা Assam Riflesত পূৰণ কৰা হ’ব৷ কনিষ্টবলৰ মুঠ খালী পদ মুঠ ২৫,২৭১টাৰ ভিতৰত পুৰুষ প্রার্থীৰ বাবে ২২,৪২৪টা পদ আৰু মহিলা প্রার্থীৰ বাবে ২,৮৪৭টা পদ সংৰক্ষিত থাকিব৷

পুৰুষ প্রার্থীৰ বাবে সংৰক্ষিত ২২,৪২৪টা পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–BSF (6413), CISF (7610), SSB (3806), ITBP (1216), AR (3185), SSF (194)৷

আনহাতে, মহিলা প্রার্থীৰ বাবে সংৰক্ষিত ২,৮৪৭টা পদ পূৰণ হ’বলগীয়া বিভাগকেইটা হৈছে BSF (1132), CISF (854), ITBP (215), AR (600), SSF (46)৷ দৰমহাৰ নিৰিখ পে’–লেবেল ৩ৰ আধাৰত ২১,৭০০–৬৯,১০০ টকা৷ প্রার্থীৰ বয়স ১ আগষ্ট, ২০২১লৈ ১৮–২৩ বছৰ৷ অর্থাৎ আবেদনকাৰীৰ জন্ম ২ আগষ্ট, ১৯৮৯ চনৰ পূর্বে আৰু ১ আগষ্ট, ২০০৩ চনৰ পিছত হ’ব নালাগিব৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷

আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি, এম’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়েBHIM UPI, Net Banking মাধ্যমেৰেVisa, Mastercard, Maestro, RuPay Credit/Debit Cardৰ জৰিয়তে নাইবাSBI Challan মাধ্যমেে এছএছচিৰ হকে পৰিশোধ কৰিব লাগিব৷ প্রার্থী বাছনিComputer Based Examination (CBE), Physical Efficiency Test (PET), Physical Standard Test (PST), Medical Examination (DME/RME), Document Verification পৰীক্ষাৰ মাধ্যমেৰে কৰা হ’ব৷

প্রার্থী বাছনি পৰীক্ষাসমূহ Itanagar, Dibrugarh, Guwahati-Dispur, Jorhat, Silchar, Churachandpur, Imphal, Ukhrul, Shillong, Aizwal, Dimapur, Kohima, Agartalaত অনুষ্ঠিত হ’ব৷

আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://ssc.nic.in & https://ssc.nic.in/SSCFileServer/PortalManagement/UploadedFiles/notice_ctgd_17072021.pdf & https://ssc.nic.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ আগষ্ট, ২০২১৷

You might also like