নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ মীন মহাবিদ্যালয়ত নিযুক্তিৰ সুযোগ

সাক্ষাৎকাৰ ৯ অক্টোবৰত অনুষ্ঠিত হ’ব

নগাঁও জিলাৰ ৰহাস্থিত মীন মহাবিদ্যালয় (College of Fisheries, AAU, Raha)ৰDepartment of Aquatic Environment Managementত “Species and stock validation of mahseer species of genus Tor & Neolissochilus from western and eastern Himalayan region of Ind propagation and conservation.” প্রকল্পৰ অধীনত অচিৰেই Young Professional-IIৰ ১টা পদ পূৰণ কৰা হ’ব৷

ইতিমধ্যে এই বিষয়ত বিভাগীয় Principal Investigator-এ নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, আবেদনকাৰী Zoology/Fisheries/Life Sciences/Biotechnology বিষয়ৰ M.Sc. ডিগ্রীধাৰী নাইবা Aquatic Environment Management/Fisheries Resource Management/Aquaculture বিষয়ত M.F.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স ২১–৪৫ বছৰ৷ আবেদন মাচুল হিচাপে আইপিঅ’ৰ মাধ্যমেৰে ৫০ টকা Assam Agricultural Universityৰ Comptrollerৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীয়ে ২৫ টকাহে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়’ডাটাসহ আবেদন ই–মেইল [email protected]যোগে প্রেৰণ কৰিব লাগিব৷

সাক্ষাৎকাৰ ৯ অক্টোবৰ, ২০২১ তাৰিখে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান–Department of Aquatic Environment Management, College of Fisheries, AAU, Raha, Nagaon-782103৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ বাবেCollege of Fisheries, AAU, Rahaৰ ৱেবছাইটhttp://www.aau.ac.in/data/recruitment/Advertisement_YP-II.pdf & https://cofaau.org/recruitment/ লগ–ইন কৰিব পাৰে৷

You might also like