নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিপ্ৰত্যাশীৰ বাবে সুখবৰ : অসম ডাইৰেক্টৰেট অৱ মিউজিয়ামত নিযুক্তি

ডাইৰেক্টৰেট অৱ মিউজিয়াম, অসম (Directorate of Museum Assam Recruitment Details)ৰ পৰা ২টা পদৰ নিযুক্তিৰ বাবে নিৰ্দেশনা প্ৰকাশ পাইছে। পদসমূহ হ’ল Laboratory Assistant আৰু Electric Mistry। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে তলত দিয়া তথ্য অনুযায়ী আবেদন কৰিব পাৰে।

আবেদনৰ অন্তিম তাৰিখ – ১৭ অক্টোবৰ, ২০২৫

১. Laboratory Assistant

  • পদৰ সংখ্যা : ১ (UR)

  • দৰমহা : 14,000/- ৰ পৰা 70,000/- + গ্ৰেড পে 5600/- প্ৰতি মাহৰ লগতে নিয়ম অনুসৰি অন্যান্য ভাট্টাসমূহ।

  • অৰ্হতা : UGC স্বীকৃত বিশ্ববিদ্যালয়ৰ যিকোনো শাখাৰ বেছেলৰ অৱ চায়েন্স ডিগ্ৰী।

২. Electric Mistry

  • পদৰ সংখ্যা : ১

  • দৰমহা : 14,000/-ৰ পৰা 70,000/- + গ্ৰেড পে 5200/- প্ৰতি মাহৰ লগতে নিয়ম অনুসৰি অন্যান্য ভাট্টাসমূহ।

  • অৰ্হতা : স্বীকৃত বোর্ডৰ HSLC পাছ আৰু চৰকাৰী স্বীকৃত পলিটেকনিকৰ পৰা Electrical Engineering-ত ডিপ্লোমা।

বয়স:

  • আবেদনকাৰীৰ বয়স 01.01.2025 তাৰিখত 18 বছৰৰ তলত আৰু 40 বছৰৰ ওপৰত নহ’ব লাগিব। অর্থাৎ, 31.12.1984 তাৰিখত জন্ম হোৱা বা তাৰ আগতে জন্ম হোৱা আৰু 01.01.2007 তাৰিখৰ পিছত জন্ম হোৱা প্ৰাৰ্থীসকল আবেদন কৰিব নোৱাৰিব।

উচ্চ বয়সৰ সীমা (Relaxation):

  • SC, ST(P), ST(H) – ৫ বছৰ

  • OBC/MOBC – ৩ বছৰ

  • Ex-Servicemen – ২ বছৰ

  • PwD – ১০ বছৰ (জাতি বিবেচনা নকৰাকৈ)

কিদৰে আবেদন কৰিব

আবেদন Assam Gazetteৰ Part–IX ত উল্লেখিত Standard Formত দাখিল কৰিব। আবেদনসমূহত তলৰ নথিসমূহ লগত থাকিব লাগিব-

  1. শিক্ষাগত অৰ্হতাৰ সমৰ্থনত সকলো চাৰ্টিফিকেট আৰু মার্কশ্বীটৰ Self-attested কপি।

  2. বয়সৰ প্ৰমাণ স্বৰূপ HSLC Admit Card / HSLC Pass Certificate।

  3. সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে Caste Certificate।

  4. Valid Employment Exchange Registration Certificate।

  5. দুটা সদ্যতম Passport Size Photograph, প্ৰাৰ্থীৰ স্বাক্ষৰৰ সৈতে।

  6. ব্যক্তিগত পৰিচয়ৰ কপি (Aadhar Card / Voter Card / Driving License / Bank Passbook 1st Page)।

  7. Assam Public Services (Application of Small Family Norms in Direct Recruitment) Rules, 2019 ৰ Rule 5(1) অনুসৰি Form “A” ত Declaration।

  8. প্রযোজ্য হ’লে Person with Disability (PwD) Certificate।

অফিচিয়েল জাননীৰ বাবে কৰক ইয়াত- Click  

আবেদনৰ অন্তিম তাৰিখ – ১৭ অক্টোবৰ, ২০২৫

You might also like