জুবিন গাৰ্গ-ৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ দাখিল অসমীয়া মহিলা মঞ্চৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ-ৰ অকাল মৃত্যুৰ ন্যায় বিচাৰি দুলীয়াজান আৰক্ষী থানাত গোচৰ তৰিলে অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংগীত জগতৰ উজ্জ্বল নক্ষত্র জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ জগৰীয়া সাব্যস্ত কৰি প্ৰতিষ্ঠিত ব্যৱসায়ী শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধার্থ শর্মা, বাদ্যযন্ত্ৰ শিল্পী শেখৰ গোস্বামী আৰু এটা প্ৰতিষ্ঠিত বৈদ্যুতিন চেনেলৰ স্বত্বাধীকাৰী সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি মহিলা মঞ্চই।
আজি দুলীয়াজান মিডিয়া চেন্টাৰত আয়োজন কৰা এক সংবাদ মেলৰ যোগেদি এই কথা সদৰী কৰিছে মহিলা মঞ্চৰ কেন্দ্ৰীয় সভানেত্ৰী মিনাক্ষী গগৈ আৰু সম্পাদিকা ৰাণু তামুলীয়ে। সংবাদমেলত উল্লেখ কৰে যে, নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তয়ে বিগত কিছু বছৰৰ পৰা “জুবিন গাৰ্গ”ৰ নাম ব্যৱহাৰ কৰি কোটি কোটি টকাৰ ব্যৱসায় কৰি মুনাফা আদায় কৰি আহিছে।
ছিংগাপুৰত অনুষ্ঠিত হৈ যোৱা বাণিজ্যিক উৎসৱতো শ্যামকানু মহন্তই জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ কথা সম্পূর্ণভাবে জানিও কেৱল ব্যক্তিগত লাভালাভৰ বাবে বলপূর্বকভাৱে বিদেশত অনুষ্ঠান পৰিবেশন কৰিবলৈ বাধ্য কৰি লৈ গৈছিল। কিন্তু তেওঁৰ নিৰাপত্তাৰ আৰু স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সু-ব্যৱস্থা কৰা দেখিবলৈ পোৱা নগ’ল।
বিশেষকৈ দুখৰ বিষয় যে, জুবিন গাৰ্গক লৈ বেপাৰ কৰি কোটি কোটি টকা শৰাধ কৰা বেপাৰী জনে আশ্বাৰ্যজনক ভাবে গমেই নাপালে যে ছিংগাপুৰত জুবিন গাৰ্গ ক’ত গৈছে, কি কৰিছে, কাৰ লগত গৈছে ? ইয়াৰ লগতে সংগঠনটোৱে কয় যে, জুবিন গাৰ্গৰ মৃত্যু হোৱা প্রায় ৪ ঘণ্টা লৈকে বেপাৰী জনৰ কোনো খবৰেই নাছিল।
দ্বিতীয়তে জুবিন গাৰ্গৰ বিতর্কিত মেনেজাৰ সিদ্ধার্থ শর্মা, যি জনে জুবিন গাৰ্গৰ ব্যক্তিগত কাম কাজ আৰু স্বাস্থ্যৰ অসুস্থতাৰ কথা অতি ভালদৰে জনাৰ পাছতো চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়া দেখা পোৱা গ’ল। সিদ্ধার্থ শৰ্মাৰ মূল দায়িত্ব আছিল যে, মেনেজাৰ হিচাপে জুবিন গাৰ্গৰ সম্পূৰ্ণ নিৰাপত্তা দিয়া আৰু তেওঁৰ স্বাস্থ্যৰ যতন লৈ তেওঁক দৰৱ পাতি সময়মতে যোগান ধৰা আদি।
কিন্তু মেনেজাৰজন লগত থাকোতেই লাইফ জেকেট নোহোৱাকৈ জুবিন গাৰ্গে সাগৰত সাতুৰিবলৈ কেনেকৈ পালে? যেতিয়া তেওঁ সাঁতুৰি আছিল, বেলেগে সকিয়াই দিয়াৰ পাছতো সিদ্ধার্থ শর্মায়ে কিয় গুৰুত্ব নিদিলে ? জুবিন গাৰ্গৰ প’ষ্টমৰ্টেম ৰিপ’ৰ্টত পানীত ডুবি মৃত্যু হোৱা বুলি জনাইছে, কিন্তু কাৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ’ল ?
জুবিন গাৰ্গৰ এজন সাধাৰণ মেনেজাৰ সিদ্ধার্থ শর্মা কেনেকৈ কোটিপতি হ’ল? সিদ্ধার্থ শৰ্মাৰ প্ৰকৃত আয়ৰ উৎস কি? মালিকতকৈ এজন সাধাৰণ মেনেজাৰ ধনবান তথা কোটিপতি হোৱাৰ ৰহস্য কি? এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে মহিলা মঞ্চই।
বিশেষকৈ বিগত দিনবোৰত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিভিন্ন ভিডিঅ’ সমূহত ছিংগাপুৰৰ সেই অভিশপ্ত নৌকা বিহাৰত জুবিন গাৰ্গৰ ঘনিষ্ঠ বাদ্যযন্ত্রকাৰী শেখৰ গোস্বামীকো দেখা গৈছে। শেখৰ গোস্বামীয়েও চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলি সংবাদমেলত উল্লেখ কৰে সংগঠনটোৱে । এই সমগ্ৰ কাণ্ডৰ আঁৰত এক গভীৰ ষড়যন্ত্র লুকাই থকা সন্দেহৰ অৱকাশ আছে বুলি উল্লেখ কৰি এই ঘটনাৰ সৈতে অসমৰ এজন প্রতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণো জড়িত হৈ পৰিছে। সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এই অভিযোগ তুলিছে মহিলা মঞ্চই ।
সংগঠনটোৱে পুনৰ উল্লেখ কৰে যে, বিশেষসূত্ৰৰ পৰা আমি জানিবলৈ পোৱা মতে সেই নিশা সুৰা পার্টি কৰি এজন অসুস্থ মানুহক পাছদিনা ৰাতিপুৱাই নৌকা বিহাৰ কৰিবলৈ লৈ যোৱাৰ সম্পূৰ্ণ যাৱতীয় খৰচ এই সঞ্জীৱ নাৰায়ণেই বহন কৰিছিল। গতিকে সঞ্জীৱ নাৰাণয়কো তদন্তৰ আওতালৈ আনিব লাগে বুলি সংবাদমেলৰ জৰিয়তে দাবী জনাইছে সংগঠনটোৱে ।
আনহাতে এজাহাৰত নাম থকাৰ পিছতো সঞ্জীৱ নাৰায়ণে সংবাদমেল পাতি নিজৰ স্পষ্টীকৰণ দিলেই সকলো শেষ নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে । সেয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি উল্লেখিত ব্যক্তিসকলৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগতে অতিশীঘ্রে তেওঁলোকক গ্রেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দাবী জনায়।
বিশেষকৈ উক্ত ঘটনাৰ লগত জড়িত শ্যামকানু মহন্তই ফেচবুকত ভিডিঅ’ আৰু সিদ্ধার্থ শর্মাই ফেচবুকত প’ষ্ট দিয়াৰ সময়ত ম’বাইল ব্যৱহাৰ কৰাৰ পিছতো অসমৰ ‘স্মার্ট আৰক্ষী’য়ে তেওঁলোকক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাতো চৰম পৰিতাপৰ বিষয় বুলি মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মিনাক্ষী গগৈ আৰু সম্পাদিকা ৰাণু তামুলীয়ে মন্তব্য কৰে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২৯ ছেপ্টেম্বৰ