নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়কৰ বিভাগত ১৫৫ পদ; আবেদনৰ অন্তিম তাৰিখ ২৫ আগষ্ট

আয়কৰ বিভাগৰPrincipal Chief Commissioner কার্যালয়ত খালী হৈছে ১৫৫ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আয়কৰ বিভাগৰDeputy Commissioner of Income Tax (HQ)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Inspector of Income Tax (8), Tax Assistant (83) আৰুMulti-Tasking Staff (64)৷Inspector of Income Tax পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ৪৪,৯০০–১,৪২,৪০০ টকা৷ বয়স ১৮–৩০ বছৰ৷

আনহাতে, Tax Assistant পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে প্রতি ঘণ্টাত ৮ হাজাৰ শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮২,১০০ টকা৷ বয়স ১৮–২৭ বছৰ৷ শেষত Multi-Tasking Staff পদৰ প্রার্থী দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ বয়স ১৮–২৫ বছৰ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.incometaxmumbai.gov.in & www.incometaxmumbai.gov.in & https://www.incometaxmumbai.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২১৷

You might also like