নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেভলিন থ্র’ৱাৰ হোৱাৰ উপৰিও স্বর্ণিল নীৰজ এগৰাকী সফল বাইক আৰোহীও, জানক সৱিশেষ…

১৩০ কোটি ভাৰতীয়ৰ সপোন পূৰণ কৰি অৱশেষত টকিঅ’ৰ পৰা শনিবাৰে আহিল বহু আকাংক্ষিত সু–সংবাদ৷ ভাৰতীয় ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰি তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই দেশলৈ আনিলে ঐতিহাসিক স্বর্ণপদক৷

ইফালে অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত স্বর্ণপদক অর্জন কৰা ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে ইতিহাস ৰচে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই৷ ইয়াৰ পূর্বে ২০০৮ত তাৰকা শ্বুটাৰ অভিনৱ বিন্দ্রাই ব্যক্তিগত ইভেণ্টত প্রথমটো অলিম্পিক পদক জয় কৰিছিল৷

টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ সোণৰ পদক কঢ়িয়াই অনা এইগৰাকী ক্ৰীড়াবিদ জেভলিন থ্র’ৱাৰ হোৱাৰ উপৰিও এগৰাকী সফল বাইক আৰোহী বুলিও জনা যায়।

Harley Davidson 1200 & Bajaj Pulsar

নীৰজ চোপ্ৰাৰ মটৰচাইকেলৰ প্ৰতি প্ৰেম তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা স্পষ্টকৈ বুজিব পৰা যায়। খেলুৱৈজনে তেওঁৰ মটৰচাইকেলৰ সৈতে কেইবাখনো ফটো পোষ্ট কৰিছে। তেওঁ এই বছৰ এছিয়ান গেমছত পদক জয় কৰাৰ ঠিক পিছতে ২০১৯ চনত Harley Davidson 1200 বাইকখন ক্ৰয় কৰিছিল। ইয়াৰ বাহিৰেও তেওঁৰ আছে Bajaj Pulsar।

উল্লেখ্য যে নীৰজ চোপ্ৰা ভাৰতীয় সেনাৰ চতুৰ্থ ৰাজপুতানা ৰাইফলছৰ এগৰাকী চুবেদাৰ। ২০১৬ চনত তেওঁ নাইব চুবেদাৰ হৈ কনিষ্ঠ বিষয়া হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ চণ্ডিগড়ৰ ডিএভি মহাবিদ্যালয়ৰ পৰা স্নাতক।

হাৰিয়ানাৰ পানিপথৰ খান্দ্রা গাঁৱৰ এগৰাকী সাধাৰণ কৃষকৰ সন্তান ২৩ বছৰীয়া নীৰজ চোপ্রাই ১৩০ কোটি ভাৰতীয়ক গর্বিত কৰি শনিবাৰে টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ সোণৰ পদক কঢ়িয়াই আনে৷

মন কৰিবলগীয়া যে ১৯০০ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰি নর্মাণ প্রিচাৰে এথলেটিক্ছ ইভেণ্টত দুটা ৰূপৰ পদক অর্জন কৰিছিল যদিও তেওঁ আছিল ব্রিটিছ মূলৰ খেলুৱৈ৷ ভাৰতীয় খেলুৱৈ হিচাপে শনিবাৰে নীৰজ চোপ্রাই অলিম্পিকৰ এথলেটিক্ছ ইভেণ্টত প্রথমটো পদক অর্জন কৰে৷

You might also like