নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ চি বিৰ প্রস্তুতি শিবিৰত যোগ দিলে কোহলিয়ে

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ অহা ২৬ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলিয়ে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ প্রস্তুতি শিবিৰত যোগ দিছে৷ শ্রীলংকাৰ বিৰুদ্ধে ঘৰৰ মাটিত টি–২০ আৰু এদিনীয়া শৃংখলা খেলি প্রাক্তন অধিনায়কগৰাকীয়ে পৰিয়ালক সংগ দিবলৈ কিছুদিনৰ বাবে মুম্বাইৰ বাসগৃহত আছিল৷

আৰ চি বিৰ শিবিৰত যোগ দি কোহলিয়ে দলটোৰ নৱনিযুক্ত অধিনায়ক ফাফ ডু প্লেচিছৰ শক্তিশালী নেতৃত্বশৈলীক ভূয়সী প্রশংসা কৰে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত কেইবাবছৰ ধৰি দক্ষিণ আফ্রিকাক দক্ষতাৰে নেতৃত্ব দিয়া ডু প্লেচিছৰ নেতৃত্বত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে এইবাৰ চমকপ্রদ প্রদর্শন দাঙি ধৰিব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ ‘ফাফ ডু প্লেচিছ বিশ্ব ক্রিকেটৰ এগৰাকী প্রতিষ্ঠিত খেলুৱৈ৷ তেওঁৰ দৰে খেলুৱৈগৰাকীক লাভ কৰাটো আৰ চি বিৰ বাবে সৌভাগ্যৰ বিষয়৷ তেওঁৰ নেতৃত্বত খেলিবলৈ মই উৎকণ্ঠাৰে অপেক্ষা কৰিছোঁ৷ গ্লেন মেক্সৱেল, দীনেশ কার্তিক আদিৰ দৰে অভিজ্ঞ তাৰকাসকলেও ফাফ ডু প্লেচিছৰ নেতৃত্বত খেলি আনন্দ অনুভৱ কৰিব বুলি মই আশা কৰিছোঁ৷’ কোহলিয়ে এইদৰে কয়৷

উল্লেখ্য যে আই পি এলৰ আৰম্ভণি বর্ষৰ পৰাই আৰ চি বিৰ হৈ খেলা তাৰকাগৰাকীয়ে ২০১৩ৰ পৰা দলটোক নেতৃত্ব দিছিল৷ কিন্তু বিগত বর্ষৰ আই পি এলৰ পিছতে তেওঁ আৰ চি বিৰ নেতৃত্ব ত্যাগ কৰে৷ অহা শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হ’ব৷

You might also like