নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেত শিক্ষা নবিচৰ ১,৬৬৪ পদ মুকলি

ভাৰত চৰকাৰৰ ৰে’লৱে মন্ত্রালয়ৰ অধীনত পৰিচালিতNorth Central Railwayত খালী হৈছেAct Apprenticesৰ ১,৬৬৪টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিNorth Central RailwayৰRailway Recruitment CellৰChairperson-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Prayagraj-Mech. Dept. (364), Prayagraj-Elect Dept. (339), Jhansi Division (480), Work Shop Jhansi (185), Agra Division (296)ত খালী হোৱাFitter, Welder, Mech. (MV), Mech. (Dsl.), Carpenter, Painter, Lineman-General, Wireman, Ref. & AC Mech., Electrician, Mechanic Machine Tool Maint, Fitter/Electrician, Welder C&W, Fitter/Mech. (C&W), Welder (Engg) পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী গড়ে পঞ্চাশ শতাংশ নম্বৰেৰে দশম শ্রেণী নাইবা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেWelder (Gas & Electric)/Sheet Metal Worker/Lineman/Wireman/Carpenter/Painter (General) ট্রেডতNCVT/SCVTৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা National Trade Certificate প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স ১৫–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপেRailway Recruitment Cellৰ হকে ১০০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ বাবে অধিক জানিবলৈhttps://www.rrcprjapprentices.in/ & https://www.rrcpryj.org/ লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১ ডিচেম্বৰ, ২০২১৷

You might also like