নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত ইনাৰলাইন পার্মিটঃ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন–১৮৭৩ অনুসৰি মেঘালয়ত ইনাৰলাইন পার্মিট ৰূপায়ণ কৰিবৰ বাবে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত কৰা হয় ৷ মুখমন্ত্রী কনৰাড কে চাংমাই উত্থাপন কৰা এই প্রস্তাৱ দলৰ আন বিধায়কসকলৰ লগতে সহযোগী বিজেপিয়েও সমর্থন জনায় ৷

উল্লেখ্য যে ইনাৰলাইন পার্মিটৰ জৰিয়তে শেহতীয়াকৈ নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু মণিপুৰত খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰা হৈছে ৷

সেয়েহে মেঘালয়তো অবৈধ অনুপ্রৱেশকাৰীক চিনাক্ত কৰাৰ বাবে ৰাজ্যবাসীয়ে ইনাৰলাইন পার্মিটৰ প্রয়োজনীয়তা অনুভৱ কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে সম্প্রতি কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ কৰাৰ পাছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে মেঘালয়তো দল–সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ৷

You might also like