নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিবাদৰ নামত হিংসাঃ উৰাবাতৰি বিয়পোৱা উৎসৰ তদন্তত নামিছে আৰক্ষী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ‘কা’ বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে প্ৰতিবাদৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে গৃহ বিভাগ আৰু অসম আৰক্ষীয়ে ৷

কাৰ প্রৰোচনাত আৰু কেনেধৰণৰ উৰাবাতৰিৰ ফলত যোৱা ১০ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ ভয়াৱহ হিংসাত্মক ঘটনা সংঘটিত হ’ল, তাৰ পুংখানুপুংখ তদন্তত নামি পৰিছে অসম আৰক্ষীৰ কেইবাটাও শাখা ৷

অসম আৰক্ষীয়ে গুৱাহাটীৰ লগতে ডিব্রুগড়, শোণিতপুৰ, গোলাঘাট আদি জিলাত হোৱা ভয়াৱহ হিংসাত্মক ঘটনাৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে ৷ আছু আৰু নেছ’ই আহ্বান জনোৱা উত্তৰ–পূব বন্ধৰ দিনা কি উৰাবাতৰিৰ ভিত্তিত ৰাজপথলৈ প্রতিবাদীসকল ওলাই আহিল, সেই সন্দর্ভত তদন্তত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷

সূত্রটোৱে ইয়াকো উল্লেখ কৰে যে ৯ ডিচেম্বৰৰ অসম বন্ধৰ কিছুদিন পূর্বৰ পৰাই ফেচবুক, হোৱাটছএপত নাগৰিকত্ব সংশোধনী আইনখন সন্দর্ভত উচটনিমূলক চর্চা চলিছিল ৷ সেই মেছেজসমূহ তথা ফেচবুকৰ পোষ্টসমূহ পৰীক্ষা কৰি থকা হৈছে ৷ সেই সময়ছোৱাত বাংলাদেশৰ পৰা ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী আহিব বুলি যথেষ্ট উচটনিমূলক বার্তাৰ আদান–প্রদান হৈছিল ৷ এই বিষয়সমূহো তদন্তৰ প্রক্রিয়ালৈ অনা হৈছে ৷

মন কৰিবলগীয়া যে ১১ ডিচেম্বৰত জনতা ভৱনৰ সন্মুখত সংঘটিত হিংসাত্মক ঘটনা যে উচটনিত সংঘটিত হৈছিল, সেয়া ইতিমধ্যে ৰাজ্য চৰকাৰে তথ্যসহকাৰে উদঙাই দিছে ৷ আনকি ইয়াৰ আঁৰত প্রদেশ যুৱ কংগ্রেছৰ নেতৃত্বত থকা একাংশৰ প্রৰোচনামূলক কার্যৰ বাবে ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ তথ্য–প্রমাণো চৰকাৰে দাঙি ধৰিছে ৷

শেহতীয়াকৈ আৰক্ষীয়ে প্রতিবাদৰ পূর্বে আৰু প্রতিবাদৰ সময়ছোৱাত ১০০টা লোকেচনৰ পৰা অহা ফেচবুক আৰু হোৱাটছএপৰ বিভিন্ন পোষ্টৰ পৰীক্ষা আৰম্ভ কৰিছে ৷ অসম আৰক্ষীয়ে উজনি অসমত সংঘটিত হিংসাত্মক ঘটনা সন্দর্ভত আলফা (স্বা) জড়িত থকাৰ সম্ভাৱনাকো বিশেষভাৱে গ্রহণ কৰিছে ৷ আনকি এই সন্দর্ভত আইন–শৃংখলাৰ দায়িত্বত থকা এ ডি জি পি জি পি সিঙে উল্লেখ কৰা অনুসৰি ১১ আৰু ১২ ডিচেম্বৰৰ হিংসাত্মক প্রতিবাদৰ সৈতে আলফা (স্বা) জড়িত থকাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ বিষয়টো বিশেষভাৱে পর্যবেক্ষণ কৰিছে আৰক্ষীয়ে ৷

স্মর্তব্য যে ৰাজধানী দিছপুৰ তথা ইয়াৰ আশে–পাশে হোৱা হিংসাত্মক ঘটনাৰ সকলো দিশ পর্যবেক্ষণ কৰি আছে অসম আৰক্ষীৰ এ পি আৰ অ’ৰ এ ডি জি পি এছ এন সিঙে ৷ সেইদৰে গুৱাহাটী পশ্চিম অংশৰ আইন–শৃংখলাৰ দিশ তদাৰক কৰিছে চি আই ডিৰ এ ডি জি পি এল আৰ বিষ্ণই, গুৱাহাটীৰ মধ্য অংশৰ পৰিস্থিতি তদাৰক কৰি আছে উপ–মহাপৰিদর্শক তথা এ এছ টি চিৰ পৰিচালন সঞ্চালক ৰূপে ডেপুটেচনত থকা আনন্দপ্রকাশ তিৱাৰীয়ে৷ আনহাতে, ডিব্রুগড়ৰ পৰিস্থিতি পর্যবেক্ষণ কৰিছে অগ্ণিনির্বাপক বাহিনীৰ এ ডি জি পি ৱাই কে গৌতমে৷ শেহতীয়া পৰিস্থিতিত সামূহিক পর্যবেক্ষণ কৰি আছে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে ৷ ইফালে, গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত প্রতিবাদৰ নামত একাংশই চলোৱা ধ্বংসলীলা তথা ক্ষয়–ক্ষতিৰ সবিশেষ পৰীক্ষা আৰম্ভ কৰিছে গড়কাপ্ঢানী বিভাগে৷

You might also like