নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ দক্ষিণ তুৰাৰ পিএ চাংমা ষ্টেডিয়ামত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সমাৱেশৰ অনুমতি দিয়া নাই মেঘালয় চৰকাৰে

  •  বিজেপিৰ প্রতিক্রিয়া– কোনেও প্রধানমন্ত্রীক বন্ধ কৰিব নোৱাৰে

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: মেঘালয় বিধানসভা নির্বাচন উপলক্ষে অহা ২৪ ফেব্রুৱাৰীত শ্বিলং আৰু তুৰাত দুখনকৈ নির্বাচনী সভাত অংশ ল’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নির্ধাৰিত তুৰাৰ নির্বাচনী সমাৱেশ দক্ষিণ তুৰাৰ পি এ চাংমা ষ্টেডিয়ামত আয়োজন কৰাৰ বাবে এতিয়ালৈকে মেঘালয়ৰ ক্রীড়া বিভাগে অনুমতি দিয়া নাই৷ প্রধানমন্ত্রী মোদীৰ নির্বাচনী সভাৰ অনুমতি নিদিয়া বাবে বিজেপিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিজেপিয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে প্রধানমন্ত্রীক কোনেও বন্ধ কৰিব নোৱাৰে৷

উল্লেখ্য যে পি এ চাংমা ষ্টেডিয়ামখনত নির্মাণ চলি থকাৰ বাবে প্রধানমন্ত্রী মোদীৰ নির্বাচনী সমাৱেশৰ আয়োজন কৰিবলৈ ক্রীড়া বিভাগে অনুমতি দিয়া নাই৷ ক্রীড়া বিভাগে প্রধানমন্ত্রীৰ বাবে বিশাল জনসমাৱেশৰ ক্ষেত্রত ষ্টেডিয়ামত নির্মাণকার্য চলি থকাৰ বাবে সুৰক্ষিত নহয় বুলি প্রকাশ কৰাৰ লগতে নির্মাণৰ সামগ্রীসমূহ সমাৱেশ হ’লে নিৰাপদ নহয় বুলি যুক্তি প্রদর্শন কৰিছে৷ ক্রীড়া বিভাগৰ এই অসন্মতিৰ পাছতেই জিলা নির্বাচন বিষয়া স্বপ্ণনীল টেম্বেই প্রধানমন্ত্রীৰ বাবে বিকল্প স্থান হিচাপে আলোটগ্রে ক্রিকেট ষ্টেডিয়াম বিবেচনা কৰিছে৷

ইপিনে, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা উত্তৰ–পূবৰ যুটীয়া দায়িত্বত থকা ঋতুৰাজ সিনহাই নির্বাচনী সমাৱেশ নির্ধাৰিত সময় মতেই অনুষ্ঠিত হ’ব যদিওবা স্থান এতিয়াও নিশ্চিত হোৱা নাই৷ এবাৰ প্রধানমন্ত্রীয়ে মেঘালয়ৰ জনতাক সম্বোধন কৰিবলৈ সিদ্ধান্ত লৈছে যেতিয়া তাক কোনেও বন্ধ কৰিব নোৱাৰে৷ দুমাহ পূর্বে সম্পূর্ণ হোৱা আৰু উদ্বোধন কৰা ষ্টেডিয়ামখন প্রধানমন্ত্রীৰ সমাৱেশৰ বাবে অসম্পূর্ণ আৰু উপলব্ধ নহয় বুলি ঘোষণা কৰাটো হাস্যকৰ বুলিও কয় সিনহাই৷

তদুপৰি সিনহাই কয়– বিজেপিক কনৰাড চাংমা আৰু মুকুল চাংমাই ভয় কৰিছে নেকি? মেঘালয়ত বিজেপিৰ ঢ়ৌ বন্ধ কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে৷ আপোনালোকে প্রধানমন্ত্রী মোদীৰ সমাৱেশ বন্ধ কৰাৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু ৰাজ্যবাসীয়ে বিজেপিৰ প্রতি ধাউতি দিয়াটো বাধা দিব নোৱাৰে৷ উল্লেখ্য যে অহা ২৭ ফেব্রুৱাৰীত মেঘালয়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷

You might also like