নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবিয়েই আছে আদানিঃ ফ’বছ আৰু ব্লুমবার্গ ৰেংকিঙত গৌতম আদানিৰ স্থান ২৫সংখ্যকলৈ অৱনমিত

  • হিণ্ডেনবার্গ প্রতিবেদনৰ প্রভাৱ
  • বিলিয়নাৰ গৌতম আদানিৰ সাম্রাজ্যত খহনীয়া অব্যাহত
  • আদানিৰ সম্পত্তি ৫০ বিলিয়ন মার্কিন ডলাৰতকৈ হ্রাস পালে
  • ১৪০ বিলিয়ন মার্কিন ডলাৰ হেৰুৱাই বর্তমান আদানিৰ সম্পত্তি ৪৮ বিলিয়ন মার্কিন ডলাৰ

 

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্রৰ বিনিয়োগকাৰী সংস্থা হিণ্ডেনবার্গ ৰিছার্চৰ প্রতিবেদনে বিলিয়নাৰ গৌতম আদানিৰ সাম্রাজ্যত খহনীয়া অব্যাহত ৰাখিছে৷ বিলিয়নাৰ গৌতম আদানিৰ অর্থনৈতিক কেলেংকাৰিৰ প্রতিবেদন হিণ্ডেনবার্গে প্রকাশ কৰাৰ পাছতে গৌতম আদানিয়ে বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ তৃতীয় স্থান হেৰুওৱাই নহয়, শীর্ষ ২০ৰ বাহিৰত স্থান লাভ কৰিছে৷ ভাৰত আৰু এছিয়াৰ এক নম্বৰ ধনাঢ়্য ব্যক্তিৰ স্থান হেৰুওৱা আদানি সাম্রাজ্যত প্রতিদিনে খহনীয়া অব্যাহত আছে৷ দেশৰ শ্বেয়াৰ বজাৰত আদানি গ্রুপ অৱ কোম্পানিজৰ পতন ইমানেই হৈছে যে আদানি গ্রুপৰ শ্বেয়াৰ বজাৰ ৭৬ শতাংশ হ্রাস পাইছে৷

 

হিণ্ডেনবার্গ প্রতিবেদন প্রচাৰৰ ২৫ দিনৰ মূৰকত আদানি গ্রুপৰ খহনীয়া অব্যাহত থাকি গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ ৫০ বিলিয়ন মার্কিন ডলাৰৰ তললৈ নিম্নগামী হৈছে৷ ফ’বছ আৰু ব্লুমবার্গ বিলিয়নাৰ ইনডেস্কৰ তালিকাত আদানিয়ে বর্তমান ২৫সংখ্যক স্থানতে আছে৷ বিগত ২৪ ঘণ্টাত আদানিয়ে ২.৭ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হোৱাত ৪৮ বিলিয়ন মার্কিন ডলাৰেৰে ফ’বছৰ ২৫সংখ্যক স্থানত আছে৷ তেনেদৰে ১.১৫ বিলিয়ন মার্কিন ডলাৰ ক্ষতিৰ সন্মুখীন হৈ গৌতম আদানি ব্লুমবার্গ বিলিয়নাৰ ইনডেস্কত ৪৯.১ বিলিয়ন মার্কিন ডলাৰেৰে ২৫সংখ্যক স্থানত আছে৷

উল্লেখ্য যে বিশ্বৰ ধনাঢ়্য ব্যক্তিসকলৰ সম্পত্তিৰ পৰিমাণৰ আধাৰত প্রতিদিনে ফ’বছ আৰু ব্লুমবার্গে বিলিয়নাৰৰ তালিকা প্রকাশ কৰে৷ সেই তালিকা অনুসৰি আজি আদানি গ্রুপৰ প্রতিষ্ঠাতা তথা অধ্যক্ষ গৌতম আদানিয়ে ফ’বছ আৰু ব্লুমবার্গ বিলিয়নাৰৰ তালিকাত ২৫সংখ্যক স্থান লাভ কৰিছে৷ হিণ্ডেনবার্গে গৌতম আদানিৰ কোম্পানীৰ শ্বেয়াৰ বজাৰৰ জালিয়াতি, প্রৱঞ্চনা আৰু অবৈধ ধনৰ লেনদেনৰ কেলেংকাৰিৰ তথ্য প্রকাশ কৰাৰ পাছত আদানি সাম্রাজ্যৰ সম্পত্তি ১৪০ বিলিয়ন মার্কিন ডলাৰ ক্ষতি হৈছে৷ এই ধাৰা অব্যাহত থাকিলে আদানিয়ে বিলিয়নাৰৰ তালিকাত একেবাৰে নিম্ন স্থানত উপনীত হোৱাৰ সম্ভাৱনা আছে৷ বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ তালিকাত শীর্ষস্থানত ফ্রান্সৰ বার্নার্ড আর্নল্ট থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে টুইটাৰৰ মুৰব্বী এলন মাস্ক৷

You might also like