নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগৰতলাত ২২৫ ক’ভিড আক্রান্ত মহিলাৰ সুস্থ শিশু জন্ম

নিয়মীয়া বাৰ্তা ৪ জুনঃ ক’ভিড মহামাৰীত আক্রান্ত হোৱা সত্ত্বেও ২২৫গৰাকী মহিলাই ত্রিপুৰাত সুস্বাস্থ্যৰ সন্তান জন্ম দিবলৈ সক্ষম হৈছে৷ আগৰতলা চৰকাৰী মেডিকেল কলেজত এই মহিলাসকলে ক’ভিডত আক্রান্ত হোৱাৰ পিছত সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা বুলি হাস্পতালখনৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

লক্ষণীয়ভাৱে মাতৃ ক’ভিড আক্রান্ত হৈ থকা সময়তে শিশুৰ জন্ম হৈছে যদিও শিশুক ক’ভিডমুক্ত কৰি ৰাখিবলৈ সক্ষম হৈছে চিকিৎসক তথা স্বাস্থ্যকর্মীসকল৷ মেডিকেল কলেজৰ প্রসূতি বিভাগৰ মুৰব্বী ডাঃ জয়ন্ত ৰয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি মহামাৰীৰ প্রথমটো সংক্রমণৰ জোৱাৰত ১৯৮গৰাকী ক’ভিড আক্রান্ত মহিলাই সন্তান জন্ম দিছিল৷ ইয়াৰে ৬০গৰাকী মহিলাৰ সন্তান প্রসৱ কৰোৱা হৈছিল ছিজাৰিয়ান পদ্ধতিৰে৷

চিকিৎসকসকলে নৱজাতকক ক’ভিডৰ সংক্রমণৰ পৰা ৰক্ষা কৰাটো কঠিন হ’ব বুলি ধাৰণা কৰিছিল যদিও স্বাস্থ্যকর্মীসকলৰ প্রচেষ্টাৰ বাবে এই শিশুসকল ক’ভিডমুক্ত থাকিবলৈ সক্ষম হয়৷ অর্থাৎ আগৰতলাৰ হাস্পতালখনত চিকিৎসক তথা স্বাস্থ্যকর্মীসকলৰ প্রচেষ্টাতেই বহু নৱজাতক শিশুক ক’ভিড সংক্রমণৰ পৰা ৰক্ষা পৰিছে৷ প্রসূতি বিভাগৰ চিকিৎসক জয়ন্ত ৰয়ে এই ঘটনাৰ বাবে সতীর্থ চিকিৎসক, নার্ছ তথা স্বাস্থ্যকর্মীসকলক প্রশংসা কৰিছে৷

You might also like