নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা দশকৰ পিছত খাদ্য শস্যৰ মূল্য সূচাংক ঊর্ধ্বগামী মে’ মাহত

নিয়মীয়া বাৰ্তা ৪ জুনঃ  বিশ্বত ২০১১ চনৰ পিছত চলিত বর্ষৰ মে’ মাহত খাদ্য শস্যৰ দাম অভিলেখসংখ্যক বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ অধীনস্থ খাদ্য আৰু কৃষি সংস্থা (ফাও)ৰ তৰফৰ পৰা খাদ্য শস্যৰ মূল্যবৃদ্ধিৰ সূচাংক প্রকাশ কৰা হৈছে৷

২০২১ চনত বিভিন্ন খাদ্য শস্যৰ উৎপাদন ২৮২ কোটি টনতকৈ অধিক হ’ব বুলি ভৱিষ্যৎবাণী কৰিছে সংস্থাটোৱে৷ ২০২০ চনৰ তুলনাত উৎপাদন ১.৯ শতাংশ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখনীয় যে খাদ্য শস্য, তৈল বীজ, দুগ্ধ উৎপাদন, মাংস, চেনি আদিৰ মূল্য যোৱা মাহটোত এটা দশকৰ ভিতৰত অধিক হয় বুলি সদৰী কৰিছে ফাওৱে৷

খাদ্য শস্যৰ মূল্য সূচাংক মে’ মাহত ৬ শতাংশলৈ ঊর্ধ্বগামী হৈছে৷ অর্থাৎ বিশ্বৰ বিভিন্ন দেশত অভাৱনীয়ভাৱে খাদ্য শস্যৰ মূল্য বৃদ্ধি পাইছে এই সময়ছোৱাত৷ মাকৈৰ উৎপাদন আমেৰিকাকে ধৰি বিভিন্ন দেশত এই সময়ছোৱাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে যদিও সমান্তৰালভাৱে মূল্যবৃদ্ধিও আকাশলংঘী হৈছে৷

লক্ষণীয়ভাৱে ভোগ্য তেলৰ মূল্য সূচাংক মে’ মাহত ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ দক্ষিণ–পূব এছিয়াত বিভিন্ন খাদ্য শস্যৰ মূল্য মে’ মাহত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে ফাওৱে৷

You might also like