নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত বৃহৎ পৰিমাণৰ অশ্বগন্ধা জব্দ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ মিজোৰামত অসম ৰাইফলছে বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ সোমবাৰে অসম ৰাইফলছৰ লুংগলেই বেটেলিয়নে লুংগলেইত অভিযান চলাই ২০২৮ কিল’গ্ৰাম অশ্বগন্ধা জব্দ কৰিবলৈ সক্ষম হয় ৷

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসম ৰাইফলছৰ দলে জব্দ কৰা অশ্বগন্ধাখিনিৰ বজাৰ মূল্য ১,২১,৬৮,০০০ টকা হ‘ব বুলি শুল্ক বিভাগে অনুমান প্ৰকাশ কৰিছে৷

ইতিমধ্যে অভিযানকাৰী দলে ঘটনাৰ লগত জড়িত ৩ জন অভিযুক্তক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

You might also like