নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ বিশিষ্ট চিত্র-ভাস্কর্য শিল্পী প্রণৱ বৰুৱা শিল্পী বঁটা ৰাফেল ৱার্জ্রিলৈ

২০২৫ বর্ষৰ প্রণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে মেঘালয়ৰ বিশিষ্ট চিত্র–ভাস্কর্য শিল্পী ৰাফেল ৱার্জ্রিলৈ৷ চিত্রকলা চর্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষার্থ কৰা প্রয়াত চিত্রশিল্পী প্রণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্রত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্রতিবছৰে উত্তৰ–পূর্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে৷

২০০২ চনত প্রৱর্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেন সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জিতেন হাজৰিকা, জনক ঝংকাৰ নার্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শর্মা, কিৰণ শংকৰ, চম্পক বৰবৰা, দিলীপ তামুলী, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম খেম, ত্রিপুৰাৰ চিন্ময় ৰয়, মিজোৰামৰ টলাং ৰখুমা, অৰুণাচলৰ টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ বুদ্ধি থাপাক প্রদান কৰা হৈছে৷

প্রণৱ বৰুৱাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি প্রতিবছৰে প্রদান কৰা এহ বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখন প্রশস্তি–পত্র আৰু নগদ ২৫ হাজাৰ টকা৷ উল্লেখ্য যে ১৯৬১ চনৰ ১৪ মার্চত শ্বিলঙত জন্মগ্রহণ কৰা শিল্পী ৰাফেল ৱার্জ্রি বিগত চাৰি দশকৰো অধিককাল পেছাদাৰী সৃষ্টিশীলতাত একাণপতীয়াকৈ নিয়োজিত হৈ আছে৷ ১৯৯১ চনত ৰিতি একাডেমী অৱ ভিজুৱেল আর্টছ নামৰ সুকুমাৰ কলা প্রতিষ্ঠানৰ জন্ম দিয়া শিল্পীগৰাকীয়ে ১৯৯১ চনত হয়াৰ সৈতে সংযোজন ঘটায় এটা চিত্রশালা এম এ ডি গেলেৰী৷

২০০৫ চন আৰু ২০০৭ চনত ঢাকাৰ ভাৰতীয় উচ্চায়ুক্ত আৰু গ্রেটাৰ চিলেট ইণ্ডিজেনাছ পিপল্ছ ফ’ৰামৰ সহযোগত ঢাকাত কলা শিবিৰ আয়োজন কৰাৰ উপৰি ভাৰতৰ বিভিন্ন স্থানত আয়োজিত কলা শিবিৰত অংশগ্রহণ কৰা শিল্পীগৰাকী ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আর্ট এণ্ড কালচাৰেল হেৰিটেজ আৰু খাচি অথর্ছ’ ছ’চাইটীৰ আজীৱন সদস্য৷ নর্থ–ইষ্ট ফিল্ম এণ্ড টিভি প্রডিডচাৰ এণ্ড ডাইৰেক্টর্ছ এছ’চিয়েচন আৰু মেঘালয় পিপল এনভাইৰনমেণ্টেল ৰাইটছ ফ’ৰামৰো প্রতিষ্ঠাপক সদস্য ৰাফেল ৱার্জ্রি মেঘালয় এডভেঞ্চাৰ এছ’চিয়েচন, মেঘালয় এডিটর্ছ এণ্ড পাব্লিচার্ছ এছ’চিয়েচন আৰু শ্বিলং প্রেছ ক্লাবৰো সক্রিয় সদস্য৷

চলচ্চিত্র আৰু নাট্যকলাৰ সৈতেও জড়িত শিল্পীগৰাকীৰ সৃষ্টিৰাজি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত বহুকেইখন চলচ্চিত্র আৰু নাট সমাৰোহত প্রদর্শিত হৈছে৷ কলকাতাৰ আহ এছ বি এণ্ড এম, গ্রীন ৱাৰিয়ৰ বঁটা, ৰ’টাৰী ক্লাব শ্বিলঙৰ উৎকৃষ্টতা বঁটা আৰু মেঘালয় চৰকাৰৰ ৰাজ্যিক টিৰত সিং সোঁৱৰণী কলা–সাহিত্য বঁটাৰে সন্মানিত শিল্পী–সাহিত্যিকগৰাকী খাচি আৰু ইংৰাজী দুয়োটা ভাষাতে কেইবাখনো মূল্যৱান গ্রন্থ প্রণয়ন আৰু প্রকাশ কৰি উলিয়াইছে৷

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like