নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সৰ্বাধিক ২৮ শতাংশ চাউল উৎপাদনকাৰীৰ কৃতিত্ব ভাৰতৰ

নিউজ ডেস্ক, ১ জানুৱাৰী : চীনক পিছ পেলাই বিশ্বৰ সর্বাধিক চাউল উৎপাদনকাৰী দেশ হিচাপে মূৰ দাঙি উঠিছে ভাৰতে৷ আমেৰিকাৰ কৃষি বিষয়ক গৱেষণা সংস্থা ইউনাইটেড ষ্টেটছ ডিপার্টমেণ্ট অৱ এগ্রিকালচাৰ চমুকৈ ইউএছডিএয়ে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত এই কথা প্রকাশ পাইছে৷ এই সন্দর্ভত প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতবর্ষই বর্তমান সমগ্র বিশ্বত উৎপাদন হোৱা মুঠ চাউলৰ ভিতৰত এককভাৱে সর্বাধিক ২৮ শতাংশ চাউল উৎপাদন কৰি এই তালিকাত শীর্ষস্থান লাভ কৰিছে৷

২০২৫ বর্ষৰ ডিচেম্বৰত ইউএছডিএয়ে এই প্রতিবেদন প্রকাশ কৰিছে৷ মুখ্যতঃ কৃষি অর্থনীতিৰ দেশ ভাৰতবর্ষৰ এই কৃতিত্বকে তুলি ধৰি প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ চাউল উৎপাদন বর্তমান ১৫২ মিলিয়ন মেট্রিকটন হৈছেগৈ৷ আনহাতে, চাউল উৎপাদনৰ ক্ষেত্রত চীনৰ এই পৰিমাণ হৈছেগৈ ১৪৬ মিলিয়ন মেট্রিকটন৷ চাউল উৎপাদনৰ ক্ষেত্রত ইমান দিনে চীনে বিশ্বৰ বজাৰত যি আধিপত্য বিস্তাৰ কৰি আছিল, তাক ভংগ কৰি ভাৰতে এইবাৰ নিজৰ শক্তি দেখুৱাবলৈ সক্ষম হৈছে৷ চাউল উৎপাদনত ভাৰতে চীনক অতিক্রম কৰিবলৈ সক্ষম হ’লেও এইপর্যন্ত বিশ্বশ্রেষ্ঠ হোৱাৰ কৃতিত্ব অর্জন কৰিব পৰা নাই৷ শীর্ষস্থান দখল নকৰিলেও ভাৰত চাউল উৎপাদনৰ ক্ষেত্রত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে সমপর্যায়ৰ৷

বিশ্বৰ চাউল উৎপাদনকাৰী প্রথম শাৰীৰ দেশসমূহৰ সৈতে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা ভাৰতে চাউল উৎপাদনৰ পৰিমাণ আৰু বৈচিত্র্য উভয় ক্ষেত্রতে জিলিকি উঠিছে৷ উল্লেখ্য যে সমগ্র পৃথিৱীত ১,২৩,০০০ বিধ চাউল পোৱা যায়৷ ইয়াৰ ভিতৰত কেৱল ভাৰততেই পোৱা যায় ৬০ হাজাৰ বিধ চাউল৷ চাউল উৎপাদনৰ ক্ষেত্রত ভাৰতে দীর্ঘদিন ধৰি চীনতকৈ বহু পিছপৰি আছিল৷ এইবাৰ সেই ৰেকর্ড ভংগ কৰিবলৈ সক্ষম হৈছে ভাৰতে৷ চীনক পিছ পেলাই চাউল উৎপাদনত ভাৰতে এইবাৰ এই নতুন ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে৷

এই সন্দর্ভত ইণ্টাৰনেচনেল ৰাইচ ইনষ্টিটিউটৰ দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্রৰ সঞ্চালক ড০ সুধাংশু সিঙে কয় যে বিশ্বৰ সর্বাধিক চাউল উৎপাদনকাৰী দেশ হিচাপে ভাৰতে মূৰ দাঙি উঠাটো এক বিশেষ প্রাপ্তি৷ ভাৰতৰ চাউল বিশ্বৰ ১৭২খন দেশলৈ ৰপ্তানি কৰা হয়৷ ক্রমশঃ ভাৰতৰ বিদেশ নীতিৰ এটা গুৰুত্বপূর্ণ হাতিয়াৰ হৈ উঠিছে চাউল৷ ২০২৪–২৫ বিত্তীয় বর্ষত বিশ্বজুৰি অভিলেখ পৰিমাণৰ ৪৫০৮৪০ কোটি টকাৰ কৃষি পণ্য ৰপ্তানি কৰিছে ভাৰতে৷ এই ৰপ্তানিকৃত কৃষি পণ্যৰ ভিতৰত চাউলৰ পৰিমাণেই আটাইতকৈ বেছি৷ ভাৰতৰ পৰা বিভিন্ন দেশলৈ ৰপ্তানি কৰা কৃষি পণ্যৰ প্রায় ২৪ শতাংশই চাউল৷ বছৰটোৰ শেষ ক্ষণৰ তথ্যই প্রকাশ কৰিছে যে বাছমতি আৰু অন্যান্য চাউল ৰপ্তানি কৰি যোৱা এটা বছৰত ১০৫৭২০ কোটি টকাৰ বৈদেশিক মুদ্রা অর্জন কৰিছে ভাৰতে৷ ভাৰতৰ দৰে এখন কৃষিপ্রধান দেশৰ উৎপাদন বৃদ্ধি হোৱা আৰু দেশৰ প্রয়োজনৰ ঊর্ধ্বত উদ্বৃত্ত চাউল বিদেশলৈ ৰপ্তানি কৰিব পৰাটো দেশৰ অর্থনীতি আৰু কূটনীতিৰ বাবে আশাব্যঞ্জক কথা৷

You might also like