নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপুৰাত কমলপুৰৰ চিআৰপিএফ বিষয়াৰ গুলীয়াই আত্মহত্যা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ কমলপুৰ আৰক্ষী থানাৰ অন্তর্গত দ্বিগুণপাৰ নিৱাসী তথা ত্রিপুৰাত কর্মৰত ৭১নং কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ–পৰিদর্শক যাদৱ চন্দ্র ডেকাই কালি পুৱা নিজৰ ছার্ভিচ ৰিভলভাৰেৰে গুলীয়াই কর্মস্থলীতে আত্মহত্যা কৰে৷ তেওঁৰ থুতুৰিৰে গুলীটো সোমাই কাণৰ কাষেৰে ওলাই যায়৷ তেওঁৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাসহ যাৱতীয় নীতি–নিয়ম সামৰি আজি পুৱা চি আৰ পিৰ দল এটাই কমলপুৰ আৰক্ষী থানাৰ সহযোগত দ্বিগুণপাৰৰ বাসস্থানত তেওঁৰ শোকদগ্ধ পৰিয়ালবর্গক চমজাই দিয়ে৷ যাদৱ চন্দ্র ডেকাৰ অবাঞ্ছিত মৃত্যুৰ খবৰ আৰু মৃতদেহ আহি ঘৰ পোৱাৰ বতৰা লাভ কৰাৰ লগে লগে সমগ্র অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় আৰু অজস্র গুণমুগ্ধ লোক আজি পুৱা তেওঁৰ বাসগৃহত উপস্থিত হৈ শোকদগ্ধ পৰিয়ালবর্গক আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে পুষ্পাঞ্জলি প্রদান কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ বিভাগীয়ভাৱে যাদৱ চন্দ্র ডেকাই আত্মহত্যা কৰা বুলি কোৱা হৈছে যদিও পৰিয়ালবর্গৰ লগতে আত্মীয়–স্বজন, স্থানীয় লোকে ঘটনাটো সহজভাৱে ল’ব পৰা নাই৷ আটাইৰে মনত আত্মহত্যাৰ কাৰণ বিচাৰি প্রশ্ণচিহ্ণৰ উদয় হৈছে৷ পুৱাৰ ভাগতে যাদৱ চন্দ্র ডেকাৰ নশ্বৰদেহত ৰাজহুৱা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত এক শোক সমদল কৰি নি অজস্র গুণমুগ্ধ লোকৰ উপস্থিতিত শেষকৃত্য সমাপন কৰা হয়৷ অঞ্চলটোৰ বিভিন্ন সামাজিক কাম–কাজত জডিত হৈ থকা ডেকাৰ মৃত্যুত বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠনৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্রায় ৫৫ বছৰ৷ ইহসংসাৰত তেওঁ পত্নী তথা একমাত্র পুত্র আৰু বোৱাৰীক এৰি থৈ যায়৷

You might also like