নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীয়ে কৰিছিল অনলাইন অৰ্ডাৰ, খাদ্য লৈ হাজিৰ হ’ল ৪২জন ডেলিভাৰী বয়

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ অনলাইনত খাদ্যৰ অৰ্ডাৰ প্ৰায় সকলোৱে কৰি পাইছে। ব্যস্ততা বা এলাহ যিয়েই নহওক অনলাইন অৰ্ডাৰৰ জৰিয়তে মুঠতে গুচাব পাৰি ভোক। এই স্বাভাৱিকতাৰ মাজতে ফিলিপাইনছত এক আজব ঘটনাৰ সন্মুখীন হ’ল এগৰাকী যুৱতী।

বাতৰি সংস্থা আজ টকৰ এক প্ৰতিবেদন মতে, ফিলিপাইনছৰ এগৰাকী যুৱতীয়ে খাদ্যৰ অৰ্ডাৰ দিছিল ফুডপাণ্ডা এপছত। কিছু সময় পিছতে তেওঁৰ ঘৰৰ সন্মুখত হাজিৰ হ’ল ৪২ গৰাকী ডেলিভাৰী বয়। প্ৰত্যেকে যুৱতীগৰাকীৰ বাবে খাদ্যৰ টোপোলা লৈ হাজিৰ হোৱাৰ সময়ত হাহাকাৰ লাগিল যুৱতীগৰাকীৰ।

ঘৰৰ সন্মুখত ইমানখিনি ডেলিভাৰী বয় দেখি বাটলৈ ওলাই আহিল ওচৰ-চুবুৰীয়াও। ঘটনাটোৰ কাৰণ যুৱতীগৰাকীয়েও বুজি নাপালে। কিছু সময় পিছত ওলাল উৰহিৰ গছৰ ওৰ। গম পোৱা গ’ল যে যিটো এপছত যুৱতীগৰাকীয়ে খাদ্যৰ অৰ্ডাৰ দিছিল, সেইটোৰ টেকনিকেল বিসংগতিৰ বাবে ৪২গৰাকী লোক হাজিৰ হ’ব লগা হ’ল।

কিন্তু ঘটনাটোৱে সকলোকে আমোদ দিলে আৰু এই সমগ্ৰ দৃশ্যৰ এগৰাকী যুৱকে কৰা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিল।

You might also like