নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি জ্যেষ্ঠ বিজেপি নেতা গণেশনক

ঃ জ্যেষ্ঠ বিজেপি নেতা তথা আৰ এছ এছৰ প্রাক্তন প্রচাৰক লা গণেশনক মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ কাইলৈৰ পৰা গণেশনে গ্রহণ কৰিব কার্যভাৰ৷ ৰাষ্ট্রপতি প্রাসাদৰ পৰা আজি এক বিবৃতিত এই কথা সদৰী কৰা হৈছে৷ গণেশন হৈছে বিজেপিৰ ৰাষ্ট্রীয় পৰিষদৰ এগৰাকী সদস্য৷ পূর্বে বিজেপিৰ বিভিন্ন পদবীত আছিল নেতাগৰাকী৷ তামিলনাডু বিজেপি গোটৰ সাধাৰণ সম্পাদক পদতো আছিল গণেশন৷ তাৰ পূর্বে আৰ এছ এছৰ এগৰাকী প্রচাৰক আছিল গণেশন৷ মণিপুৰৰ সপ্তদশগৰাকী ৰাজ্যপাল হিচাপে দায়িত্ব লাভ কৰিছিল গণেশনে৷ উল্লেখনীয় যে যোৱা ১০ আগষ্টত নাজমা হেপটুল্লাৰ অৱসৰৰ পিছত মণিপুৰৰ ৰাজ্যপাল পদটো খালী হৈ আছিল৷ ছিকিমৰ ৰাজ্যপাল গংগা প্রসাদে এই সময়ছোৱাত অতিৰিক্ত দায়িত্ব লৈ আছিল মণিপুৰৰ৷

You might also like