নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ ডঞি প’ল’ বিমানবন্দৰত ইণ্ডিগ’ৰ পৰীক্ষামূলক বিমান অৱতৰণ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ হোলোংগীৰ ডঞি প’ল’ গ্রীনফিল্ড বিমানবন্দৰত ইণ্ডিগ’ৱে পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰায়৷ নৱনির্মিত ডঞি প’ল’ বিমানবন্দৰত বিমান সংস্থা ইণ্ডিগ’ৱে সফলতাৰে নিজৰ বিমান অৱতৰণ কৰায়৷ ২৮ অক্টোবৰৰ পৰা অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰলৈ বিমান সংযোগ আৰম্ভ হোৱাটো প্রায় নিশ্চিত বুলি চৰকাৰী সূত্রহ প্রকাশ কৰিছে৷ উড়ান আঁচনিৰ অধীনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিমানবন্দৰটো উদ্বোধন কৰিব৷ বিমানবন্দৰটো উদ্বোধন হ’লে পাহাৰীয়া ৰাজ্যখনত পর্যটন বৃদ্ধিৰ লগতে নিৰাপত্তা ব্যৱস্থাও শক্তিশালী হ’ব৷

উত্তৰ–পূবৰ ৰাজ্যখনে চীন, ভূটান আৰু ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্রীয় সীমা স্পর্শ কৰি আছে৷ উল্লেখ্য যে বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হ’লে অৰুণাচল প্রদেশৰ কেপিটেল কমপ্লেক্স, পাপুমপাৰে জিলা আৰু দাঁতিকাষৰীয়া কেহবাখনো জিলাৰ লগতে অসমৰ লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ জনসাধাৰণ উপকৃত হ’ব৷

You might also like