নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিছা সমস্যা: বিশ্ব মল্লযুঁজত খেলিব নোৱাৰিব ভাৰতে

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: ২৩ বছৰ অনূর্ধ্বৰ বিশ্ব চেম্পিয়নশ্বিপত খেলিবলৈ যাব নোৱাৰিব ভাৰতৰ ২১গৰাকী মল্লযোদ্ধা৷ ভিছা সমস্যাৰ বাবেই তেওঁলোকক স্পেইনলৈ যাবলৈ দিয়া নহ’ল৷ ফলত প্রতিযোগিতাখনত অংশগ্রহণ কৰিব নোৱাৰিব ভাৰতে৷ কেৱল মল্লযোদ্ধাই নহয়, ভাৰতৰ তিনিগৰাকী প্রশিক্ষককো স্পেইনলৈ যাবৰ বাবে ভিছা দিয়া নহ’ল৷ স্পেইনৰ দূতাৱাসে জনাইছে যে ভিছাৰ ম্যাদ শেষ হৈ যোৱাৰ পিছতো এই খেলুৱৈসকল স্পেইনত থাকি যাব পাৰে৷ সেই সন্দেহতেই তেওঁলোকক ভিছা প্রদান কৰা নহ’ল৷ ২৩ বছৰ অনূর্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ৩০গৰাকী সদস্যৰ দল ঘোষণা কৰিছিল ভাৰতে৷ কিন্তু তেওঁলোকৰ মাজৰ মাত্র ৯ জনেহে ভিছা পাবলৈ সক্ষম হৈছিল৷ ২০ বছৰ অনূর্ধ্ব মহিলা বিশ্ব চেম্পিয়ন অন্তিম পাংগালেও ভিছা নাপালে৷

You might also like