নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ নেতৃত্বত যোৱা দশকটো উত্তৰ-পূবৰ বাবে সোণালী যুগ : অমিত শ্বাহ

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : আন্তঃগাঁথনি উন্নয়ন আৰু সংঘাত নিৰাময়ত অভূতপূৰ্ব গুৰুত্ব আৰোপ কৰা মোদী চৰকাৰৰ অধীনত যোৱা দহটা বছৰ উত্তৰ-পূবৰ বাবে সোণালী যুগ হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উত্তৰ-পূৰ্বাঞ্চল আজি অৱৰোধ আৰু অশান্তিৰ ইতিহাসৰ পৰা আঁতৰি শান্তি আৰু উন্নয়নৰ দিশত আগবাঢ়িছে বুলিও তেওঁ কয়। উত্তৰ-পূব পৰিষদৰ ৭১সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাষণ দি শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আন্তঃগাঁথনিৰ লগতে দিল্লীৰ পৰা উত্তৰ-পূবৰ দূৰত্বই নহয়, হৃদয়ৰ দূৰত্বও কমি আহিছে। স্বাধীনতাৰ পিছৰ ৭৫ বছৰত উত্তৰ-পূবৰ সৰ্বাধিক উন্নয়ন হোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ উল্লেখযোগ্য দশক হিচাপে পৰিগণিত হৈছে। জনগোষ্ঠীয়, ভাষিক, সীমান্ত আৰু উগ্ৰপন্থী সংগঠনৰ বিভিন্ন সমস্যাৰ সৈতে যুঁজি থকা উত্তৰ-পূর্বাঞ্চলে এই দহ বছৰত শান্তিৰ এক সতেজ আৰু স্থায়ী যুগৰ আৰম্ভণি পালে বুলি তেওঁ কয়৷ গৃহমন্ত্ৰীগৰাকীয়ে কয়- যদি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই ১০ বছৰ দেশৰ স্বাধীনতাৰ পাছৰ ৭৫ বছৰৰ সৈতে তুলনা কৰা হয়, তেন্তে এই দশকটো নিশ্চিতভাৱে অঞ্চলটোৰ বাবে সোণালী সময় হিচাপে গণ্য কৰা হ’ব।

তেওঁ কয় যে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক সদায় ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰি আহিছে। শ্বাহে কয়- ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উত্তৰ-পূবত মুঠ ১১,১২১টা হিংসাত্মক কাণ্ড সংঘটিত হৈছিল আৰু ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ই ৭৩ শতাংশ হ্ৰাস পাই ৩,১১৪টা হৈছে। নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত  মৃত্যুৰ হাৰ ৭১ শতাংশ হ্ৰাস পাই ৪৫৮ৰ পৰা ১৩২ হৈছে, আনহাতে অসামৰিক লোকৰ মৃত্যুৰ হাৰ ৮৬ শতাংশ হ্ৰাস পাইছে বুলিও তেওঁ কয়। তেওঁ কয় যে বিদ্ৰোহৰ কাণ্ডসমূহ কমি আহিছে, কাৰণ বিগত পাঁচ বছৰত উগ্ৰপন্থী সংগঠনৰ ৮৯০০ৰো অধিক সদস্যই আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশলৈ এটা বাৰ্তা দিয়া হৈছে যে শান্তি আৰু সমৃদ্ধি পাৰস্পৰিকভাৱে সংযুক্ত আৰু ইয়াৰ অবিহনে ৰাজ্যসমূহৰ বিকাশ হ’ব নোৱাৰে বুলিও তেওঁ কয়। উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে মোদী চৰকাৰে ৯খন চুক্তি স্বাক্ষৰ কৰাৰ লগতে বহু বিচাৰাধীন আইন-শৃংখলাৰ সমস্যা এইবোৰৰ জৰিয়তে সফলতাৰে সমাধান কৰা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়।

You might also like