নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰা, চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱঃ খাই তহিলং কৰিছে ধান

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ, বালিপৰা অঞ্চলত বন্যহস্তীৰ তাণ্ডৱলীলা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। অবাধ বনাঞ্চল ধ্বংস, বেদখলৰ ফলত বালিপৰা সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ খাদ্য, আৱাসস্থলৰ অভাৱ ঘটাৰ ফলত খাদ্যৰ সন্ধানত অঞ্চলটোৰ জনবসতিপূৰ্ণ ঠাইসমূহলৈা ওলাই আহিবলৈ বাধ্য হৈছে জাক জাক বন্যহস্তী। ফলত দিনকদিনে হস্তী-মানৱৰ সংঘাত অধিক গুৰুতৰ হ’বলৈ আৰম্ভ কৰিছে। সন্ধ্যা হ’লেই হাবিৰপৰা ওলাই অহা বন্যহস্তীবোৰে বৰ্তমান সময়ত চাৰিদুৱাৰ, গড়মৰা, তৰাজান, পোতাশালি, ঢাৰিকাটি, লাউকে চাপৰি , চেঙেলীমাৰী ,মোলানগাঁও, বগীজুলি, ওপৰ কছাৰীগাঁও ইত্যাদিৰ ধাননি পথাৰত প্ৰৱেশ কৰি কৃষকৰ ধান এফালৰপৰা তহিলং কৰিছে বুলি ভুক্তভোগী ৰাইজে জনাইছে ।

উল্লেখ্য যে, ধাননি পথাৰত এতিয়াও ধান সম্পূৰ্ণৰূপে পকা নাই । তেনেক্ষেত্ৰত ধাননিত হাতী প্ৰৱেশ কৰাৰ ধানবোৰ কেঁচাত নষ্ট হোৱাত বিপাঙত পৰিছে কৃষক ৰাইজ । একাংশ ৰাইজে এই প্ৰতিবেদকক জনোৱা অনুসৰি প্ৰতিবছৰে তেওঁলোকৰ ধাননিত হাতীৰ জাক প্ৰৱেশ কৰি এনেদৰে অনিষ্ট সাধন কৰি আহিছে যদিও স্থানীয় চাৰিদুৱাৰ বনবিভাগে ৰাইজক সুৰক্ষা প্ৰদান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । অঞ্চলটোৰ ভূক্তভোগী ৰাইজে অনতিপলমে হাতীৰ জাকবোৰক নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ বনবিভাগক দাবী জনাইছে।

Input: Pranjal, balipara

You might also like