নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিষ্ঠা দিৱসত নাগালেণ্ডবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায় ৷ এক টুইট যোগে মোদীয়ে কয়- “মোৰ প্ৰিয় নাগালেণ্ডৰ ভাই-ভনীসকললৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালো। নাগালেণ্ডৰ লোকসকল নিজৰ সাহস আৰু দয়াশীলতাৰ বাবে জনপ্ৰিয়। তেওঁলোকৰ সংস্কৃতি অনুকৰণীয় আৰু সেইবাবে ভাৰতৰ প্ৰগতিত তেওঁলোকৰ যোগদান সদায় অপৰিহাৰ্য।”

উল্লেখ্য যে, উত্তৰ-পূৱ ভাৰতৰ কাষৰীয়া ৰাজ্য নাগালেণ্ড ১৯৬৩ চনত সম্পূৰ্ণ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷

You might also like