নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিবাচক চিন্তা–পদক্ষেপ অবিহনে সংবাদ মাধ্যমে সমাজৰ হিত সাধন নকৰেঃ নৰেশ কলিতা

বিভিন্ন শিতানত ১৯ বিশিষ্ট ব্যক্তিক ‘এনাজৰী বঁটা’ প্রদান

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ‘ইতিবাচক চিন্তা আৰু ইতিবাচক পদক্ষেপ অবিহনে সংবাদ ক্ষেত্রখনে সমাজৰ হিতৰ কাৰণে কোনো কাম কৰিব নোৱাৰে৷’– এই তাৎপর্যপূর্ণ মন্তব্য ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাৰ৷ ৰাজ্যৰ এটা আগশাৰীৰ সামাজিক–সাংস্কৃতিক অনুষ্ঠান এনাজৰীয়ে তথ্যনিষ্ঠ সংবাদ সেৱাৰ এগৰাকী অতন্দ্র প্রহৰী হিচাপে আজি আগবঢ়োৱা হেমচন্দ্র গোস্বামী সোঁৱৰণী এনাজৰী বঁটা–২০২০ আনুষ্ঠানিকভাৱে গ্রহণ কৰি সম্পাদক নৰেশ কলিতাই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে৷ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত তথা ৰাজেন বৰঠাকুৰ আৰু ভূধৰ বর্মন সোঁৱৰণী মঞ্চত সম্পাদক নৰেশ কলিতাক হেমচন্দ্র গোস্বামী সোঁৱৰণী বঁটা প্রদান কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, নিয়োগ আৰু কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক দেৱ প্রসাদ মিশ্রই৷ এক গাম্ভীর্যপূর্ণ পৰিৱেশত বঁটা গ্রহণ কৰি দিয়া চমু ভাষণত জ্যেষ্ঠ সাংবাদিক কলিতাই লগতে কয়– ‘সংবাদ ক্ষেত্রত ৩৩ বছৰ কাম কৰাৰ অভিজ্ঞতাৰ পৰা এই কথা উপলব্ধি কৰোঁ যে অসমত বন্ধ দিয়া, ৰাজপথ অৱৰোধ কৰা আৰু টায়াৰ জ্বলাই প্রতিবাদ কৰা দল–সংগঠনৰ অভাৱ নাই৷ অৱশ্যে মই ইয়াৰ বিৰোধিতা কৰা নাই৷ এনেধৰণৰ কার্যসূচীও আমাক লাগিব৷ কিন্তু এটা জাতি, এটা ভাষা আৰু এখন ৰাজ্য সুস্থ–সবলভাৱে গঢ়িবলৈ হ’লে আমাক নিৰলসভাৱে কাম কৰা কিছু মানুহ লাগিব৷ সমাজ, জাতি, ৰাজ্য আৰু দেশৰ উন্নয়নৰ কাৰণে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা লোকসকলক কামৰ স্বীকৃতি দিয়া দল–সংগঠনৰ সংখ্যা তেনেই তাকৰ৷ এয়া আমাৰ বাবে দুর্ভাগ্যজনক কথা৷ আমি সেইসকল মানুহক যদি উৎসাহিত নকৰোঁ, কামৰ স্বীকৃতি প্রদানেৰে উজ্জীৱিত নকৰোঁ, তেনেহ’লে সুস্থ–সবল জাতি এটা আমি অনাগত দিনত লাভ কৰিম বুলি আশা কৰিব নোৱাৰোঁ৷’

অনুষ্ঠানত অন্ততঃ ভাষা–সাহিত্য–সংস্কৃত্ ধৰি অন্যান্য ক্ষেত্রত কাম কৰি নিৰলসভাৱে সেৱা আগবঢ়াই অহা লোকসকলক যাতে উৎসাহিত কৰিব পৰা যায়, তাৰ বাবে এনাজৰীক আগন্তুক দিনত পদক্ষেপ গ্রহণ কৰিবলৈ জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই আহ্বান জনাই কয়– ‘তেতিয়াহে আমি অনাগত দিনত এটা সুস্থ জাতি পাবলৈ সক্ষম হ’ম৷’ এনাজৰীয়ে আগবঢ়োৱা বঁটাৰ বাবে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অনুষ্ঠানটোৰ বিষয়ববীয়াসকলক ধন্যবাদ জনায়৷ উল্লেখ্য যে একেটা অনুষ্ঠানতে অসমৰ সাহিত্য জগতৰ অন্যতম মহীৰূহ তথা বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীক জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়৷ এনাজৰীয়ে আগবঢ়োৱা এই বঁটা প্রদান কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ দীপক কুমাৰ শর্মাই৷ বঁটা গ্রহণ কৰি ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয়– ‘বঁটা–বাহন পাম বুলি, আর্থিকভাৱে সচ্ছল হ’ম বুলি হাতত কলম তুলি লোৱা নাছিলোঁ৷ অসমীয়া জাতিটোৰ অভিভাৱকস্বৰূপে প্রায় ১.১০ লাখ শব্দৰে এখন অসমীয়া অভিধান প্রণয়ন কৰা হ’ব৷ অসমীয়া জাতিৰ বাবে ই এটা বৰ গৌৰৱৰ কথা৷ য’ত মূল শব্দৰ উচ্চাৰণ, মূল শব্দৰ ঐতিহাসিক ব্যুৎপত্তি আৰু ইণ্টাৰনেচনেল ফ’নেটিক এছ’চিয়েচনৰ এলফাবেট সংযুক্ত হ’ব৷ যাতে বিদেশৰ মানুহেও সেই শব্দটো মাতিব পাৰে, সেই ব্যৱস্থা কৰা হৈছে৷’ বঁটা আগবঢ়োৱা বাবে ড০ গোস্বামীয়ে এনাজৰীৰ বিষয়ববীয়াসকলক ধন্যবাদ জনায়৷ এনাজৰীৰ সভাপতি জয়ন্ত হাজৰিকাই অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে৷ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, পদ্মশ্রী সূর্য হাজৰিকা, দেৱ প্রসাদ মিশ্র, বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া, উপ–আৰক্ষী মহাপৰিদর্শক আবু চুফিয়ান আদিৰ বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভিন্ন ক্ষেত্রৰ মুঠ ১৯গৰাকী বিশিষ্ট ব্যক্তিক এনাজৰী বঁটা প্রদান কৰা হয়৷ ইয়াৰ ভিতৰত বিশিষ্ট সাহিত্যিক পোলেন বৰকটকীলৈ ত্রৈলোক্য নাথ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা, বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ইন্দ্র বণিয়া সোঁৱৰণী এনাজৰী বঁটা, চাহ জনগোষ্ঠীয় সংগীতৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী শিৱচৰণ দাসলৈ চাৰু গোহাঁই সোঁৱৰণী বঁটা, ‘অসমীয়া প্রতিদিন’ৰ জ্যেষ্ঠ সহযোগী সম্পাদক প্রকাশ মহন্তলৈ বর্ষশ্রেষ্ঠ সাংবাদিকতাৰ এনাজৰী বঁটা, কার্বি আৰু অসমীয়া সংগীতৰ সাধক চেমচন ইংতিলৈ মিতালী চৌধুৰী সোঁৱৰণী এনাজৰী বঁটা আগবঢ়োৱা হয়৷ সেইদৰে বিশিষ্ট সমাজকর্মী সুজিত সোমলৈ সমাজৰত্ন এনাজৰী বঁটা, বিশিষ্ট সাংস্কৃতিক কর্মী ৰাতুল কাকতিলৈ বর্ষশ্রেষ্ঠ সাংস্কৃতিক সংগঠকৰ এনাজৰী বঁটা, বিশিষ্ট অভিনেতা হীৰু বৰঠাকুৰ আৰু পোহৰ শিল্পী ক্ষীতিশ শর্মালৈ মহানন্দ শর্মা সোঁৱৰণী এনাজৰী বঁটা, গোৱালপাৰীয়া লোকগীতৰ সাধক জয়ন্তী ৰয় আৰু অভিনেতা দিলীপ কাকতিলৈ ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা, বিশিষ্ট উদ্যোগী তথা উদ্ভাৱক জেহিৰুল ইছলামলৈ এনাজৰী উদ্যোগী বঁটা আগবঢ়োৱা হয়৷ তেনেদৰে সোণালী দাস আৰু ডাঃ নৰেশ্বৰ শর্মালৈ প্রণিত বৰুৱা সোঁৱৰণী বঁটা, সংগীতশিল্পী দীনেশ দাসলৈ ভূধৰ বর্মন সোঁৱৰণী এনাজৰী বঁটা আগবঢ়োৱা হয়৷

আনহাতে, বিশেষ এনাজৰী বঁটা প্রদান কৰা হয় ক্রমে মাধৱ ছেত্রী, (পৰিৱেশ কর্মী), লেলিন দাস (বাদ্যশিল্পী), জিৎৰাজ ডেকা (অভিনেতা), হামিদ চৌধুৰী (সমাজকর্মী), দিলীপ কুমাৰ লহকৰ (সংগীতশিল্পী), ছাদিকুল আলম হাজৰিকা (ক্রীড়া সংগঠক), আনন্দ মেধি (সমাজকর্মী) আৰু ড০ দীনেশ কাকতি নাথ (সাহিত্যিক)ক৷ অনুষ্ঠানত বঁটাসমূহ প্রদান কৰে বিশিষ্ট অভিনেতা তৌফিক ৰহমান, তপন দাস, পূৰবী শর্মা, বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা আদিয়ে৷ অনুষ্ঠানত এনাজৰীৰ বার্ষিক মুখপত্র ‘পথিকৃত ২০২০’ উন্মোচন কৰা হয়৷ অনুষ্ঠানটোত দ্বীপেন বৰুৱা, চেমচন ইংতি আদিয়ে গীত পৰিৱেশন কৰে৷ আনহাতে, হীৰকজ্যোতি শর্মাৰ ঢ়োলবাদনেৰে সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি মৰা হয়৷ অনুষ্ঠানত এনাজৰীৰ সম্পাদক ডাঃ হিমাংশু বুজৰবৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like