নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ নিহত ১জন জোৱান

নিয়মীয়া বাৰ্তা, ১৪ জুলাই:  বুধবাৰে অৰুণাচল প্ৰদেশত প্ৰতিকূল বতৰৰ বাবে সেনাৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত এজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৭ জন গুৰুতৰভাৱে আহত হৈছে।

উক্ত ঘটনাটো উজনি চিয়াং জিলাৰ পাংগো গাঁৱৰ ওচৰত সংঘটিত হয়। আহত সেনা জোৱানসকলক ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়।

You might also like