নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ হোম ডেলিভাৰীত কেবিনেটৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: গুৱাহাটী পৌৰ নিগম এলেকাত সুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেটে। পৰীক্ষামূলকভাৱে এমাহৰ বাবে হ’ব এই হোম ডেলিভাৰী। ৱেব পৰ্টেলৰ জৰিয়তে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব সুৰা।

উল্লেখ্য যে আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে আঁচনি গ্রহণ কৰিছে৷ ইতিমধ্যে আবকাৰী বিভাগে ইয়াৰ বাবে হোম ডেলিভাৰী বিধি প্রস্তুত কৰিছে৷ প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ যদিহে আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়, তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব৷

You might also like