নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিন ল’বলৈ বৰঝাৰ বিমানবন্দৰত হেতা–ওপৰা

নিয়মীয়া বাৰ্তা, ৮ মে: গুৱাহাটীৰ পশ্চিম প্রান্তৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ সহযোগত যোৱা ৫ মে’ৰ পৰা দ্বিতীয় পর্যায়ৰ টিকাকৰণ পর্ব আৰম্ভ হৈছে৷ বিমানবন্দৰ চৌহদৰ কমিউনিটী হলত আৰম্ভ হোৱা এই টিকাকৰণ পর্বত ভাগ ল’বলৈ অহা লোকসকলে যেনেদৰে হেতা–ওপৰা কৰিছে তাক দেখি সচেতন নাগৰিকসকল চিন্তিত হৈ পৰিছে৷ কিয়নো কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি ভেকচিন ল’বলৈ কমিউনিটী হলত যেনে ধৰণৰ হেঁচা–ঠেলা কৰিছে, তাৰদ্বাৰা ওলোটাই ক’ভিডৰ সংক্রমণৰ আকাংক্ষা ঘনীভূত হৈছে৷ কালিৰ দৰে আজিও পুৱাৰ ভাগত বৰষুণক নেওচি কমিউনিটী হলত একাংশ লোকে সামাজিক দূৰত্বৰ নীতি ভংগ কৰি যি ধৰণৰ ভিৰ কৰিছে, সেয়া ক’ভিড প্রট’কল বিধিৰ পৰিপন্থী বুলি বিবেচিত হৈছে৷ অথচ সকলো দেখিও বিমানবন্দৰ কর্তৃপক্ষই ইয়াৰ বিৰুদ্ধে একো ব্যৱস্থা গ্রহণ নকৰা বাবে একাংশ লোক বেপৰোৱা হৈ পৰিছে বুলি অভিযোগ উঠিছে৷

উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই প্রথম পর্যায়ৰ ভেকচিন পর্ব শেষ হোৱাৰ পিছত ৫ মে’ৰ পৰা কমিউনিটী হলত দ্বিতীয় পর্যায় আৰম্ভ কৰিছে৷ এই পর্বত প্রথম ৰজা দৰে বিমানবন্দৰ প্রাধিকৰণৰ উপৰি বিমান পৰিবহণ সেৱা কোম্পানী, বিমান সেৱাৰ সৈতে জডিত সকলো বিষয়া–কর্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক সামৰি লোৱা হৈছে৷ ইতিমধ্যে এই পর্যন্ত ২,৫০০জনৰো অধিক লোকে দ্বিতীয় পর্যায়ৰ টিকাকৰণৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি বিমানবন্দৰ প্রাধিকৰণৰ সূত্রত প্রকাশ৷

You might also like