নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ প্ৰথমটো বানৰ কবলত হোজাইৰ বিভিন্ন অঞ্চল; উদ্ধাৰ অভিযানত উপায়ুক্ত আৰক্ষী অধীক্ষক

নিয়মীয়া বার্তা, ১৪ মে : বিগত দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কাবি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধৰ ছুইচ গেটৰ খুলি দিয়াত হোজাইৰ মাজেৰে বৈ যোৱা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পাই। যাৰ ফলত কপিলীৰ পানীয়ে প্লাৱিত কৰিছে বহু কেইখন গাঁওৰ দ অংশ। কপিলীৰ পানীয়ে এইদৰে বছৰৰ প্ৰথমটো বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে হোজাই জিলাত। বিশেষকৈ হোজাই জিলাৰ হোজাই, লংকা, ডবকা ৰাজহ চক্ৰৰ বহু অঞ্চল প্লাবিত কৰিছে । এই ৰাজহ চক্ৰ সমূহৰ অন্তৰ্গত মাণ্ডুলি, কাৰখানা, লস্কৰ পথাৰ, ৰাইকাটা, চন্দন পূৰ, দক্ষিণ কুমুৰাকটা, কেন্দুগুৰি, কপিলী কান আদিকে ধৰি বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। এই অঞ্চল সমূহৰ কৃষক ৰাইজে মুৰৰ ঘাম মাটিত পেলাই কৰা খেতিও এতিয়া পানীৰ তলত বুৰ যাবলৈ ধৰিছে। যাৰ ফলত কৃষকে মুৰে কপালে হাত দিব লগা হৈছে ।

ইপিনে বছৰৰ প্ৰথমটো বানত কপিলীৰ কেইবাটাও মথাউৰীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ইতিমধ্যে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰি সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় বিষয়া সকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে । ইফালে যোৱা নিশা কপিলীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈ দক্ষিণ কেন্দুগুৰি অঞ্চলৰ মথাউৰী ছিঙি প্লাবিত হোৱাৰ খবৰ পাই হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সেই স্থানত উপস্থিতি হৈ কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰে । জিলা প্ৰশাসনে ইতিমধ্যে কেইবাটাও আশ্ৰয় শিবিৰ স্থাপন কৰিছে ।

You might also like