নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুহুমফুলা বিলত জাকৈ-খালৈ আৰু এজাক মানুহ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বুধবাৰে পুৱাই গোৱালপাৰা জিলাৰ দুধনৈত দেখা গ'ল এক নান্দনিক দৃশ্য । হাজাৰ হাজাৰ পুৰুষ- মহিলাই জাকৈ-খালৈ আৰু জাল লৈ নামি পৰিছে বিলত । পৰম্পৰাগত ভাৱে প্ৰতিবছৰেই এইদৰেই এইসকল লোকে সমূহীয়া ভাৱে মৎস্য চিকাৰ কৰি আহিছে…

দ্বিতীয়ত কোহলি, শীর্ষত ভাৰত

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা সদ্যসমাপ্ত দুখনীয়া টেষ্ট শৃংখলাটোত ২–০ৰ ব্যৱধানত পৰাস্ত হ’লেও ভাৰতীয় ক্রিকেট দলটোৱে আই চি চি টেষ্ট ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে৷ ভাৰতীয় দলটোৱে ১১৬ ৰেটিং…

এনআৰচিত নাম নথকা ব্যক্তিলৈ REJECTION SLIP

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো কিয় বহুলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহ'ল সেই সন্দৰ্ভত পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে । অহা ২০ মাৰ্চৰ ভিতৰত এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলক কি কাৰণত নাম অন্তৰ্ভুক্ত নহ'ল…

মহিলা টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত–ইংলেণ্ড

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আই চি চি মহিলা টি–২০ বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলৰ সূচী নির্ধাৰণ হৈছে৷ প্রথমখন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখন ছেমিত দক্ষিণ আফ্রিকাই চাৰিবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়াৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷…

টেঙাখাতত ডাম্পাৰে মহতিয়ালে এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ নিশা দুলীয়াজানৰ টেঙাখাতত উদণ্ড ডাম্পাৰ চালকে মহতিয়ালে এখন এম্বুলেঞ্চ । দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰা ডাম্পাৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় । দুলীয়াজানৰ জুটলিবাৰী চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই…

নির্ধাৰিত সময়মতে হ’ব অলিম্পিকঃ থমাছ বাখ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰিছে ক’ৰোনা ভাইৰাছে৷ এই মহামাৰী ভাইৰাছবিধৰ বাবে এতিয়ালৈকে কেইবাখনো গুৰুত্বপূর্ণ প্রতিযোগিতা বাতিল কৰিবলগীয়া হৈছে৷ দিনকদিনে ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বিশ্বৰ সর্ববৃহৎ ক্রীড়া…

ৰাজ্যত চাৰি বছৰত লোকচান এহেজাৰ কোটি টকা

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ মৃত্যুঘণ্টা বাজিছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগত । নগাঁও আৰু কাছাৰ কাগজ কলৰ পিছত মৃত্যুৰ দুৱাৰডলিত নামৰূপ সাৰ কাৰখানা । আছাম অশোক হোটেল কৰ্পৰেচন লিমিটেডৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসমত থকা নৰ্থ ইষ্ট ৰিজিঅ'নেল এগ্ৰি…

‘কা’ৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত ৰাষ্ট্ৰসংঘৰ গোচৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ নজিৰবিহীনভাৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল ৰাষ্ট্ৰসংঘ । 'কা'ক কেন্দ্ৰ কৰি শেহতীয়াকৈ ৰাজধানী নতুন দিল্লী আৰু চুবুৰীয়া ৰাজ্য মেঘালয় অগ্নিগর্ভ হৈ পৰাৰ সময়তে…

ধর্মীয় মেৰুকৰণৰ নক্সা তৈয়াৰ কৰিছে আৰএছএছ–বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ মানুহৰ মাজত বিভাজন সৃষ্টিৰ বাবে ধর্মীয় মেৰুকৰণৰ নক্সা তৈয়াৰ কৰিছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ) আৰু বিজেপিয়ে ৷– এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিপিআইৰ বর্ষীয়ান নেতা ডি ৰাজাই ৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত…

দিল্লীৰ হিংসাত জাহ গৈছে ৭৯টা ঘৰ, ৩২৭খন দোকান

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ উত্তৰ–পূব দিল্লীত যোৱা সপ্তাহত সংঘটিত সাম্প্রদায়িক হিংসাত ৭৯টা আৱাস আৰু ৩২৭খন ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায় ৷ দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছ’দিয়াই মঙলবাৰে এখন সংবাদ মেলত এই কথা ঘোষণা কৰে ৷ তেওঁ কয় যে ৭৯টা ঘৰ…