নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ পিটাৰছনঃ কাজিৰঙাক লৈ নির্মাণ কৰিব তথ্যচিত্র

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ প্রায় এসপ্তাহৰ কার্যসূচীলৈ অসম ভ্রমণলৈ আহিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছন৷ গঁড় সংৰক্ষণক লৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে তেওঁ অসমৰ কাঙিৰঙা অভয়াৰণ্য ভ্রমণ কৰিব ৷ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ পিছত একালৰ…

নাৰীলৈ সন্মান প্রদর্শনেৰে মোদীয়ে ‘ত্যাগ’ কৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ সমাগত নাৰী দিৱসত নাৰীৰ প্রতি সন্মান প্রদর্শনেৰে ছ’চিয়েল মিডিয়া ‘ত্যাগ’ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ ছ’চিয়েল মিডিয়া জগতত বিশ্বৰ ভিতৰতে অন্যতম প্রভাৱশালী নেতা হিচাপে পৰিচিত প্রধানমন্ত্রী মোদীয়ে মঙলবাৰে প্রকাশ…

এতিয়াও উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্তৰ ৯৮২ কিঃমিঃ

নিয়মীয়া বার্তা, ৪ মার্চঃ এতিয়াও উন্মুক্ত হৈ আছে ভাৰত–বাংলাদেশ সীমান্তৰ ৯৮১.৬২৬ কিলোমিটাৰ ৷ মঙলবাৰে লোকসভাৰ মজিয়াত উদ্বেগজনক এই তথ্য প্রদান কৰিছে কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে ৷ বিভিন্ন কাৰণত এতিয়াও ভাৰত–বাংলাদেশ সীমান্ত…

মুখ্যমন্ত্রীক ১৩৬ কোটিৰ চেক প্রদান এনআৰএলৰ

নিয়মীয়া বাৰ্তা,৪ মার্চঃ নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সোমবাৰে অসম বিধানসভাৰ মুখ্যমন্ত্রীৰ কার্যালয় কক্ষত ২০১৯–২০ বিত্তীয় বর্ষৰ প্রথম অন্তর্ৱর্তীকালীন লভ্যাংশৰ সর্বমুঠ ১৩৬.২৩ কোটি টকাৰ এখন চেক মুখ্যমন্ত্রী সর্বানন্দ…

মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দিছপুৰ–শিৱসাগৰ থানাত গোচৰ

নিয়মীয়া বার্তা, ৪ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক সন্ত্রাসবাদী বুলি মন্তব্য দিয়া অসম ৰাজ্যিক বিজেপিৰ অপসাৰিত নেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন ৰাজহুৱা সভাত মন্তব্য কৰাৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ থানাত গোচৰ ৰুজু…

গামোচা বৈ স্বাৱলম্বী খানাপাৰাৰ দেৱজিৎ দাস

নিয়মীয়া বার্তা, ৪ মার্চঃ যি সময়ত এটা চৰকাৰী চাকৰি বিচাৰি লাখ লাখ নিবনুৱাই হাহাকাৰ কৰিছে ঠিক সেই সময়তে শিপিনী হৈ স্বাৱলম্বিতাৰ পথ দেখুৱাইছে গুৱাহাটীৰ এজন যুৱকে৷ খানাপাৰাৰ দেৱজিৎ দাস নামৰ এই যুৱকজনে ঘৰতে দুখনকৈ তাঁতশালত লগাইছে ৰিহা, মেখেলা,…

হাতীগাঁৱত নাৰীদেহৰ বেহা যুৱতীসহ তিনিজনক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৪ মার্চঃ মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে মঙলবাৰে ১নং বশিষ্ঠপুৰ উপপথত অভিযান চলাই দীর্ঘদিন ধৰি চলি থকা এটা নাৰীদেহ ব্যৱসায়ী চক্র উৎখাত কৰাৰ লগতে এগৰাকী যুৱতীসহ তিনিজন যুৱকক গ্রেপ্তাৰ কৰে ৷ ধৃত নাৰীদেহ ব্যৱসায়ীকেইজন ক্রমে মায়ঙৰ…

বিয়লিৰ বতাহ–বৰষুণত মহানগৰীত কৃত্রিম বানঃ বিঘ্নিত যাতায়াত

নিয়মীয়া বার্তা, ৪ মার্চঃ মঙলবাৰে বিয়লিৰ এজাক বৰষুণত মহানগৰীৰ বিভিন্ন প্রান্তত কৃত্রিম বানৰ সৃষ্টি হয় ৷ বিয়লি প্রায় চাৰি বজাত নামি অহা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ আমবাৰী, গুৱাহাটী ক্লাব, চানমাৰিকে ধৰি কেইবাটাও স্থানত ৰাজপথত একাঁঠু পানী জমা…

ৰিজার্ভ বেংকত নতুন নোটৰ অবৈধ বেহা

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ গুৱাহাটীৰ ৰিজার্ভ বেংকৰ সন্মুখত দীর্ঘদিন ধৰি খুচুৰা পইচাৰ এখন অবৈধ বজাৰ চলি আহিছে৷ একাংশ পুৰুষ–মহিলাই বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ যোৱা পদপথত খুচুৰা পইচাৰ অবৈধ ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ খুচুৰা…

গতি সলনি কৰিব পাকিস্তানলৈ বোৱঁতী ৰৱিৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ পাকিস্তানলৈ বোৱঁতী জম্মু–কাশ্মীৰৰ ৰৱি আৰু উজহ নদীৰ পানী অন্য দিশে গতি কৰাব ভাৰতে ৷ ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তানস্থিত সন্ত্রাসবাদীয়ে চি পি এফৰ ওপৰত আত্মঘাতী আক্রমণ কৰাৰ পিছতে দেশখনৰ সৈতে নতুন…