নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীর্ঘদিনৰ বিৰতিৰ পিছত একেখন মঞ্চত দুই শক্তিশালী নেতা অমিত শ্বাহ আৰু নীতিশ কুমাৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্রী তথা জনতা দল (ইউ)ৰ নেতা নীতিশ কুমাৰে একেখন মঞ্চত অংশগ্রহণ কৰা ঘটনাই আগন্তুক বিহাৰৰ ৰাজনীতিত বিশেষ প্রভাৱ পেলাব…

অতি স্পর্শকাতৰ ২৫ কেন্দ্রত থাকিব ‘জামাৰ’-৭৭২ কেন্দ্রত ১৪৪

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ অহা ১২ ফেব্রুৱাৰীৰ পৰা ১৪ মার্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ চূডান্ত পৰীক্ষা৷ ইতিমধ্যে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যাৱতীয় সকলো প্রস্তুতি সম্পন্ন কৰিছে অসম উচ্চতৰ মাধ্যমিক…

ভাৰতীয়মূলৰ প্রাক্তন সেনা বিষয়া মাইকেল হোৰেৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিশ্বৰ আটাইতকৈ বিখ্যাত প্রাক্তন বেতনভোগী সেনা বিষয়া মাইকেল হোৰেৰ দেহাৱসান ঘটিছে৷ ‘মেড মাইক’ ৰূপে পৰিচিত এশ বছৰীয়া হোৰেৰ মৃত্যুৰ তথ্য সদৰী কৰিছে পুত্র ক্রিছ হোৰেই৷ উল্লেখনীয় যে আইৰিছ দম্পতীৰ সন্তান হোৰেৰ জন্ম…

মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলন আছিল নাটক !

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপি সাংসদ অনন্তকুমাৰ হেগ্রেই মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্রামক এক নাটক আছিল বুলি মন্তব্য কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ শনিবাৰে বাংগালুৰুত এক ৰাজহুৱা অনুষ্ঠানত…

বাজেট ভাল দিন নাহিলে সংকট নামিব শাসকৰ

গাড়ী নির্মাণকাৰী উদ্যোগ এটাক ৰেহাইমূলক ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিবলৈ বা উৎপাদনৰ ধাৰা অব্যাহত ৰাখিবলৈ চৰকাৰে যিমানেই উদ্গনি নিদিওক কিয়, গাডী কিনিবলৈ যদি গ্রাহক নাথাকে, কোনো কোম্পানীয়ে টকা বিনিয়োগ কৰি সেই কাম নকৰে৷ অর্থাৎ কেৱল কর্প’ৰেট…

ঐতিহাসিক ব্রেক্সিট

সমগ্র ইউৰোপ মহাদেশৰ এক শক্তিশালী সংস্থা ইউৰোপীয় সংঘ (ইইউ)৷ এই ইউৰোপীয় সংঘৰ পৰা আনুষ্ঠানিকভাৱে শুকুৰবাৰে মাজনিশা ব্রিটেইনে বিদায় লোৱাৰ লগে লগে সমগ্র মহাদেশখনৰ ৰাজনীতিত নতুন অস্থিৰতাই দেখা দিয়াৰ আশংকা ঘনিভূত হৈছে৷ ২০১৬ত ইউৰোপীয় সংঘৰ পৰা…

হোমেন বৰগোহাঞি, সূর্য দাসলৈ শ্বহীদ কৰম সিংহ জনমভূমি বঁটা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ অসমৰ সমাজ জীৱনত অসমীয়া শিখ সমাজৰ অৱদান অতুলনীয়৷ ১৮২০ খ্রীঃত হাদিৰাচকী যুদ্ধৰ পিছৰে পৰা নগাঁৱৰ বৰকলাত বসবাস কৰা এই অসমীয়া শিখ সমাজে অসমৰ ভাষা, কৃষ্টি–সংস্কৃতিৰ লগতে দেশৰ হকে প্রাণ আহুতি দিছে৷ তেনে এজন বৰকলা গাঁৱৰ…

বাঁহজানীৰ বৰআজাৰাত মা মনসাৰ আশিস গ্রহণ মুখ্যমন্ত্রী–বিত্তমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ  নলবাৰী জিলাৰ বাঁহজানীৰ বৰ আজাৰাত বিজেপিৰ ৰাজ্যিক মুখ্য সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাৰ বাসভৱনত আন বছৰৰ দৰে এইবেলিও মা মনসা পূজা অনুষ্ঠিত হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী   ড০ হিমন্ত বিশ্ব…

শান্তিৰ সন্ধানত মানুহে ভক্তিৰ আশ্ৰয় লয়ঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ 'কৃষ্ণগুৰু মহাপ্রভুৱে আমাক সকলোকে জীৱন সুন্দৰভাৱে পৰিচালিত কৰাৰ বাবে নীতি আৰু আদর্শ দেখুৱাই থৈ গৈছে৷ এই নীতি আৰু আদর্শ হূদয়ংগম কৰি মানৱতাৰ বাণীৰে তথা ভক্তি দর্শনেৰে আমি সমাজত শান্তি প্রতিষ্ঠাৰ হকে দৃঢ়তাৰে আগুৱাই…

মেঘালয়ৰ পৰা দৈনিক ট্রাকে ট্রাকে অবৈধ শিল সৰবৰাহ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বন বিভাগৰ কঠোৰ ব্যৱস্থাক অংগুষ্ঠ প্রদর্শনেৰে ৰাজ্যত মাফিয়া চক্রই অব্যাহত ৰাখিছে বনজ সম্পদৰ চোৰাং বেহা৷ আন প্রান্তৰ কথা বাদেই, মেঘালয়ৰ পৰা খোদ গুৱাহাটী মহানগৰীৰ মাজেৰে কাঠৰ অবৈধ সৰবৰাহ চলি থকাটো ইতিমধ্যে বন…