নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ফেব্ৰুৱাৰীত নিৰ্ভয়াকাণ্ডৰ ৪ দোষীক ফাঁচি

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ২২ জানুবাৰীত নহয় নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ ফাঁচি। এতিয়ালৈকে নির্ভয়াৰ ৪ হত্যাকাৰীৰ আবেদন তিনিবাৰকৈ খাৰিজ কৰা হৈছে ৷ নিম্ন আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ফাঁচিৰ ৰায়ৰ বিৰুদ্ধে কৰা আবেদন নাকচ হোৱাৰ পিছত…

নিৰাপত্তা পৰিষদত পুনৰ মুখথেকেচা চীনৰ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠকত পুনৰ কাশ্মীৰ প্রসংগ উত্থাপন কৰিবলৈ গৈ ব্যর্থ হৈছে চীন৷ ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ উপৰি উপত্যকা…

আজিৰে পৰা আৰম্ভ দশম ভূটান-ভাৰত বন্ধুত্ব মেলা আৰু ঐতিহাসিক মাঘমেলা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ আজিৰে পৰা বাক্সাৰ সুৱনখাটালৈ ভূটান পাহাৰৰ পৰা আহিব কুৰমালাগা ৷ সম্প্ৰীতিৰ বাণী লৈ আহিব ভূটীয়া কুৰমালাগা ৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত অনুষ্ঠিত ভূটান- ভাৰত বন্ধুত্ব মেলালৈ আহিব ভূটানৰ নাগৰিক ৷ আজিৰে পৰা…

মেৰাপানীৰ স্বগৃহত আৱেগিক আদৰণি সীমান্তক

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ সীমান্তৰ সিপাৰে ১৪ মাহৰ কাৰাবাস খটাৰ পিছত বৃহস্পতিবাৰে মেৰাপানীৰ স্বগৃহত উপস্থিত হ’ল সীমান্ত৷ গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্রামৰ যুৱক সীমান্ত শইকীয়াই জীৱিকাৰ তাড়নাত কর্মৰত হৈ থকা মাছমৰীয়াৰ জাহাজখনে ভুলবশতঃ…

কেন্দ্ৰ-ৰাজ্যৰে এনডিএফবিৰ যুদ্ধবিৰতি চুক্তি

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ আলোচনাবিৰোধী গোটটোৱে বৃহস্পতিবাৰে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ উগ্রপন্থী সংগঠনটোৰ আলোচনাবিৰোধী গোটৰ অধ্যক্ষ বি চাওৰাইগৌৰাই সংগঠনটোৰ হৈ এই চুক্তিপত্রত…

ৰাজকোটত প্ৰত্যাৱৰ্তনৰ লক্ষ্য টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ কাইলৈ ৰাজকোটত অনুষ্ঠিত হ’ব৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হৈ যোৱা শৃংখলাটোৰ প্রথমখন মেচত ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈ…

আজিৰে পৰা ষ্টাৰ্ট আপ নৰ্থ ইষ্ট

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ উদ্যান শস্য, হস্তশিল্প আৰু হস্ততাঁত কেন্দ্রৰ প্রচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে কাইলৈৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্রীয় সন্মিলন আৰু বাণিজ্য মেলা ‘ষ্টার্ট আপ নর্থ ইষ্ট’৷…

মৌচুমীৰ ভাৰাঘৰত নিশা চলিছিল প্ৰেমিক-বন্ধুৰ পাৰ্টী

নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ ভোগালী বিহুৰ প্রাক্মুহূর্তত জালুকবাৰীৰ এটা ভাৰাঘৰত এগৰাকী ৩০ বছৰীয়া ফেশ্বন ডিজাইনাৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে৷ জালুকবাৰীৰ শংকৰদেৱ হাউছিং কলনীৰ তৃতীয় মহলাৰ ৩নং ফ্লেটত ভাৰাতীয়া হিচাপে…

পাণবজাৰত দুৰ্বৃত্তই কাঢ়িলে বেংক কৰ্মচাৰীৰ ২৫ লাখ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈ অহা অপৰাধজনিত ঘটনা ৰোধ কৰাত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ চলিত বর্ষৰ ১৬টা দিন পাৰ নৌহওঁতেই মহানগৰ আৰক্ষীৰ ব্যর্থতা উদঙাই দুর্বৃত্তই সংঘটিত কৰিলে তিনিটাকৈ লোমহর্ষক হত্যাকাণ্ড৷ আৰক্ষী আৰু…

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন; পুনৰ দায়িত্বভাৰ ল’ব নেকি ৰঞ্জিত দাসে ?

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ দিশে আগবাঢ়িছে ৰঞ্জিত কুমাৰ দাস৷ ইতিমধ্যে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত কুমাৰ দাসক পুনৰ দায়িত্ব প্রদানৰ স্পষ্ট ইংগিত দিয়াৰ পিছত ১৮ জানুৱাৰীত…