নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–সভাপতি ৰূপে নির্বাচিত হোৱাৰ পাছত কি ক’লে বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে…

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ বাবে উপ–সভাপতি ৰূপে নির্বাচিত হোৱা বিশিষ্ট লেখিকা তথা সমাজকর্মী মৃণালিনী দেৱীৰ স্পষ্ট মন্তব্য– অচিৰেই অসম সাহিত্য সভাৰ ভাবমূর্তি উন্নত কৰাৰ কামত নিয়োজিত হ’ম৷ উল্লেখ্য যে…

কুলধৰ শইকীয়াঃ খাকী পোছাকৰ আঁৰৰ গল্পকাৰজনৰ বিষয়ে জানো আহক-

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ‘তীর্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰছোৱা’ লিখা আৰক্ষী বিষয়াজনেই অলংকৃত কৰিলে অসম সাহিত্য সভাৰ সভাপতিৰ আসন৷ খাকী পোছাকৰ আঁৰৰ গল্পকাৰ কুলধৰ শইকীয়া অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পৰৱর্তী সভাপতি ৰূপে নির্বাচিত…

কুল শইকীয়া সাহিত্য সভাৰ সভাপতি; মৃণালিনী দেৱী উপ-সভাপতি নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বিশিষ্ট গল্পকাৰ, ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে । অসম সাহিত্য সভাৰ আগন্তুক শুৱালকুছি অধিৱেশনত সভাপতিত্ব কৰিব শইকীয়াই । বৃহস্পতিবাৰে হোজাইৰ বাণীকান্ত…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ বন্ধু–বান্ধৱৰ পৰা নিৰাশ নহ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ আজি যাত্রা নকৰিব৷ শুভ সংখ্যা ৮, শুভ ৰং ৰঙা৷ বৃষঃ কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷ মতান্তৰ সম্পর্কীয় কথাত…

১২ আবকাৰী উপ অধীক্ষকক পদোন্নতিসহ বদলি

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ অসম চৰকাৰৰ আবকাৰী বিভাগে বৃহস্পতিবাৰে এক নির্দেশযোগে ১২জন আবকাৰী উপ–ধীক্ষকক কেইবাখনো জিলাত খালী হৈ থকা আবকাৰী অধীক্ষক পদত পদোন্নতিসহকাৰে নিযুক্তি দিয়ে৷ সেই অনুসৰি শান্তনু হাজৰিকাক লখিমপুৰ, ৰাজু কুমাৰ মহন্তক…

নীলা ছবি উপভোগৰ শীৰ্ষত ভাৰতবৰ্ষ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ভাৰতীয় লোকসকলৰ নীলা বোলছবিৰ উপভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। আনকি ভাৰতীয় লোকসকলে আমেৰিকাকো চেৰ পেলাইছে নীলা বোলছবি উপভোগৰ ক্ষেত্ৰত। যিমানেই স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পালে সিমানেই নীলা ছবিৰ উপভোগ কৰাৰ…

চলিত মাহতেই ৪০ হাজাৰ লোকলৈ ভূমি পট্টাঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ নতুন ঘোষণা, ৪০ হাজাৰ খিলঞ্জীয়া লোকক প্ৰদান কৰিব ভূমি পট্টা। চলিত মাহৰ ভিতৰতে প্ৰদান কৰা হ'ব পট্টা। জনতা ভৱনত মুখ্য়মন্ত্ৰীৰ সৈতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ…

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে বিজেপিৰ ‘জনজাগৰণ’

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ওড়িশা বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী । মাহজোৰা বিশেষ কাৰ্যসূচীৰে ওড়িশা বিজেপিয়ে 'জনজাগৰণ' নামৰ এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বৃহস্পতিবাৰৰ…

জাল নোট প্ৰস্তুত কৰা সকল সাৱধানঃ আহি গল Mani

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ আপোনাৰ মনত সদায় ৫০০ টকীয়া অথবা ২০০০ টকা জালী নোট বুলি প্ৰায়েই সন্দেহ উপজে। কেতিয়া কৰবাত জাল নোটও পোৱা যায়। যাৰ পৰিপেক্ষিতত সাধাৰণ জনতাৰ বহু লোকচানৰ সন্মুখীনও হৈছে। এই সকলোবোৰ পৰা পৰিত্ৰাণ পাবলৈ ৰিজাৰ্ভ ৱেংক…

বৰ্ষাপাৰা টি-২০: গুৱাহাটী পালেহি সিংহলী বাহিনী

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত–শ্রীলংকাৰ টি–২০ মেচ ৷ ইয়াৰ মাজতে আজি গুৱাহাটীত উপস্থিত হ’লহি আলহী দল শ্রীলংকাৰ খেলুৱৈসকল ৷ শ্রীলংকা দলটো চার্টার্ড বিমানযোগে বৃহস্পতিবাৰে আবেলি…