নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বিৰোধী আন্দোলনৰ সময়তেই নগাঁৱত গেৰুৱা বসন পিন্ধিলে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ 'কা' বিৰোধী আন্দোলনৰ সময়তেই নগাঁও সদৰ সমষ্টিত বিজেপিত যোগদান শতাধিক কৰ্মীৰ । বৃহস্পতিবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ত গেৰুৱা বসন পৰিধান কৰে প্ৰায় শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে । এই সন্দৰ্ভত বিধায়ক ৰূপক…

মহানগৰীত আৰক্ষীৰ জালত ২ চিলনী চোৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকা সময়তে বশিষ্ঠ আৰক্ষীয়ে ৰাইজৰ সহযোগত বেহাৰবাৰীৰ পৰা কৰায়ত্ত কৰে দুই চিলনী চোৰক। ধৃত দুই চোৰ ক্ৰমে ৰহিম আলী আৰু মোৱাৰক আলীক । দুয়োৰে ঘৰ ধীৰেনপাৰাত । ইপিনে ধৃত দুই চোৰৰ পৰা…

জম্মু-কাশ্মীৰৰ স্বাস্থ্য প্রতিষ্ঠানসমূহত ইন্টাৰনেট সেৱা বাহাল

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ স্বাস্থ্য প্রতিষ্ঠানসমূহত ইন্টাৰনেট সেৱা বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । অৱশ্যে বাকী অঞ্চলসমূহত ইন্টাৰনেট সংযোগ ৰাজ্যখনৰ বৰ্তমানৰ  পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে বাহাল ৰখা হৈছে ।…

তিতাবৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অসমীয়া জাতিৰ হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী । তিতাবৰৰ শিলিখাবাৰী গ্ৰাণ্ট গাঁৱতো ভোগালীক উলহমালহৰে উদযাপনৰ বাবে গাঁওবাসীয়ে পূৰ্ণদ্যমে প্ৰস্তুতি চলাইছে । গাঁওখনত এতিয়া স্থানীয় প্ৰায় সাতখন…

হৃদয় গলাব পাৰিব নে এই দৃশ্যই ! এফালে ভৱিষ্যত আনফালে ভিক্ষাৰ পাত্ৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ পহিলা জানুৱাৰী । ৰাজ্যৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে পহিলা জানুৱাৰীৰ আনন্দ উল্লাস আৰু উচাহত বুৰ গৈ থকাৰ সময়তে এইখন অসমত দেখা গৈছে এখন হৃদয়বিদাৰক ছবি । নিজৰ পঢ়াৰ খৰচৰ মোকলাবৰ বাবে হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথত সমদল কৰি…

যানবাহন আৰক্ষীয়ে জৰিমনা লৈছিল, সেই খঙতে নিজৰ বাইকত অগ্নিসংযোগ যুৱকৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ খং ! খং উঠিলে মানুহৰ মানসিক অৱনতি ঘটি এনে এক পৰ্যায় পায়গৈ যে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু আপুনি জানেনে কিমান খং উঠিলে মানুহে নিজৰ প্ৰিয় যিকোনো বস্তু জ্বলাই দিব পাৰে ? এনে এক অনুৰূপ ঘটনাই সংঘটিত…

দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ নৰেন্দ্ৰ মোডী

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি কৰ্ণাটকত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনায় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ য়েডিয়ুৰুপ্পাই ।…

ব্ৰিছবেন অ’পেনত খেলিব ছাৰাপ’ভাইঃ নাম প্ৰত্যাহাৰ ভেনাছৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ব্রিছবেন অ’পেনত অংশগ্রহণ কৰি চলিত বর্ষটোত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে বিশ্বৰ প্রাক্তন শীর্ষ বাছনিৰ মহিলা খেলুৱৈ ৰাছিয়াৰ সুন্দৰী মাৰিয়া ছাৰাপ’ভাই৷ যোৱা বছৰৰ আগষ্ট মাহত ইউ এছ অ’পেনৰ প্রথম ৰাউণ্ডত ছেৰেনাৰ হাতত…

সমালোচনাই মোৰ কোনো ক্ষতি নকৰেঃসিন্ধু

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকত পদক জয়ৰ লক্ষ্য লৈছে বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে৷ সমালোচনা তথা অনুৰাগীৰ অত্যধিক আশাই তেওঁৰ খেলত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি উল্লেখ কৰি…

বানত প্লাৱিত ইণ্ডোনেছিয়াঃ জাকাৰ্টাত ২১ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অতিমাত্ৰা বৰষুণৰ ফলত ইণ্ডোনেছিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ । বিশেষকৈ জাকাৰ্টা আৰু দাঁতিকাষৰীয়া চহৰসমূহক বাৰুকৈয়ে জুৰুলা কৰিছে বানে । তথ্য অনুসৰি এই মুহূৰ্তলৈকে প্ৰায় ২১ জন লোকৰ মৃত্যু হৈছে জাকাৰ্টাত । বানৰ প্ৰতি…