নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেহেমীয়া অর্থনৈতিক বৃদ্ধিৰ হাৰত উদ্বিগ্ন আইএমএফ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ভাৰতৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে লেহেমীয়া হোৱা বিষয়টোত উদ্বেগ প্রকাৰ কৰিছে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)এ ৷ ভাৰত চৰকাৰক আইএমএফৰ তৰফৰ পৰা অর্থনৈতিক বৃদ্ধিৰ হাৰ অৱনমিত হোৱা বিষয়টো সন্দর্ভত গুৰুত্ব প্রদান…

অটল জয়ন্তীঃ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শ্বাহ আৰু আদৱানিৰ শ্ৰদ্ধাঞ্জলি নিবেদন

নিউজডেস্ক, ২৫ ডিচেম্বৰঃ আজি ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৫ সংখ্যক জন্মবার্ষিকী । ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রী মোদী সহ বিজেপিৰ বহু নবীন-প্রবীণ নেতাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত বাজপেয়ীক । প্রধানমন্ত্রী…

ঝাৰখণ্ডৰ নির্বাচনে প্রভাৱ পেলাব বিহাৰত

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ সদ্যঘোষিত ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ফলাফলে আগন্তুক দিনত প্রতিৱেশী ৰাজ্য বিহাৰৰ ৰাজনীতিত প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখনীয় যে ঝাৰখণ্ডত জেএমএম, কংগ্রেছ আৰু আৰজেডিৰ মিত্রজোঁটে বিজয় সাব্যস্ত কৰি বিজেপিৰ…

মীৰাটত প্রৱেশত বাধা ৰাহুল–প্রিয়ংকাক

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ উত্তৰ প্রদেশত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা ‘কা’বিৰোধী প্রতিবাদত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে মিলিত হোৱাৰ বাবে ৰাজ্যখনৰ মীৰাটত প্রৱেশৰ প্রচেষ্টা কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা দলৰ সাধাৰণ…

শীঘ্রে সম্পূর্ণ হ’ব ওদালগুৰিৰ ভূটান সীমান্তৰ আটকধুনীয়া তোৰণ

নিয়মীয়া বার্তা, ২৫ ডিচেম্বৰঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ চানেকি কঢ়িয়াব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ কেৱল গঁড়েই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বডো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্রতীক প্রতিফলিত কৰা হৈছে…

গুৱাহাটীৰ পৰাই টীম ইণ্ডিয়াই আৰম্ভ কৰিব ২০২০ বর্ষ; আজিৰে পৰা টিকট বিক্রী আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ পুৰণিক বিদায় দি নতুনক আদৰাৰ এই উৎসৱমুখৰ সময়তে ৰাজ্যবাসীক চুই যাব সীমাহীন ক্ৰিকেট উন্মাদনাই । নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যলৈ এই উন্মাদনা কঢ়িয়াই আনিব আপোনাৰ পছন্দৰ ক্রিকেট তাৰকাসকলে৷ ৫ জানুৱাৰীত গুৱাহাটীলৈ আহিব বিৰাট…

ছিপাঝাৰত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল ৱাগ’নাৰঃ নিহত ৩

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ছিপাঝাৰত নিশা সংঘটিত হয় এটা ভয়াবহ পথ দুৰ্ঘটনা । ছিপাঝাৰ কলেজ চক -লাওজান সংযোগী গড়কাপ্তানী পথৰ বছাচুবাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ লোক । নিহত তিনিজনৰ ভিতৰত দুজন হ'ল আৰক্ষীৰ জোৱান । নিহত…

নেহৰু ষ্টেডিয়ামৰ সমীপত ড্রাগছ–সুৰাৰ মুকলি বেহা

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মহানগৰ আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অসাধু চক্রই ড্রাগছ আৰু সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ এটা অসাধু চক্রই উলুবাৰীৰ নেহৰু ষ্টেডিয়ামৰ সমীপত ড্রাগছ আৰু সুৰাৰ মুকলি বেহা চলাই…

সেউজ ন্যায়াধিকৰণৰ নির্দেশ সত্ত্বেও স্থানান্তৰ নহ’ল বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশৰ পিছতো বিগত ১০ মাহে স্থানান্তৰ কৰা নহ’ল বৰাগাঁওস্থিত ডাম্পিং গ্রাউণ্ড ৷ ন্যায়াধিকৰণৰ নির্দেশৰ পিছত কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগম তৎপৰ হৈ পৰিছিল যদিও সময়ৰ…

আজি পবিত্ৰ বৰদিনঃ শান্তি-সম্প্ৰীতিৰ বাণীৰে আলোকিত গীৰ্জা

আজি পবিত্ৰ বৰদিন । বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি উলহ-মালহেৰে পালন কৰিব বৰদিন । ২৫ ডিচেম্বৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মদিৱস উপলক্ষে পালন কৰা হয় এই উৎসৱ । অৱশ্যে এই জন্মদিনৰ প্ৰকৃত জন্মদিন হয়নে নহয় তাক জনা নহয় । আদিযুগীয় খ্ৰীষ্টান…