নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অঘোষিত ডাম্পিং গ্ৰাউণ্ডত পৰিণত তালাপ বাইপাছ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: “স্বচ্ছ ভাৰত” অভিযান”, “ক্লিন ইণ্ডিয়া”, “মেকেই ইন ইণ্ডিয়া” ইত্যাদি ইত্যাদি অভিলাষী আচনিৰ জৰিয়তে কোটি কোটি টকা খৰচ কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰে দেশ তথা ৰাজ্যৰ চুকে কুণে পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ বুলি জাহিৰ কৰি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ তালাপস্থিত তালাপ “বাইপাছ” পথত কৰ্দযৰে ভৰি পৰা পৰিলক্ষিত হৈছে।যেন এক অঘোষিত ডাম্পিং গ্ৰাউণ্ডতহে পৰিণত হৈছে তিনিচুকীয়া জিলাৰ তালাপ বাইপাছ। উল্লেখ্য যে, দেশৰ দীৰ্ঘতম নদী দলং ড° ভূপেন হাজৰিকা সেতুৰ নিৰ্মাণেৰে ছৈখোৱাৰ ধলা বজাৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৃথক কৰাৰ পাছত এই তালাপ বালিবজাৰ এতিয়া এখন অতি ব্যস্ত ব্যৱসায়ীক কেন্দ্ৰ হিচাপে পৰিগণিত হবলৈ ধৰিছে। ৰাজ্য বিভিন্ন প্ৰান্ততৰ পৰা ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতুৰে শদিয়াকে ধৰি কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰলৈ আহযাহ কৰা প্ৰতিজন লোকেই যেন এখন্তেক এই তালাপ বালিবজাৰত ৰৈ প্ৰয়োজনীয় বিভিন্ন সমগ্ৰী ক্ৰয় কৰাৰ লগতে একাপ চাহৰ জুতি লৈহে নিজ নিজ গন্তব্যস্থানলৈ গতি কৰে। যাৰ পৰিপ্ৰেক্ষিতত দিনে দিনে যেন ব্যস্ততা তথা সমাগম বাঢ়িব ধৰিছে এই তালাপ বালিবজাৰত। কিন্তু তালাপ বালিবজৰৰ সন্মুখ ভাগৰ বাইপাছ পথৰ আশেপাশে একাংশ লোকে জাবৰ জুথৰ পেলাই অপৰিস্কাৰ কৰি তুলাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত। অভিযোগ উত্থাপন হৈছে, তালাপ বালিবজৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে তালাপ বাইপাছত পেলনীয়া সামগ্ৰী পেলাই বাইপাছ পথচোৱাক এক অঘোষিত ড্ৰামপিং গ্ৰাউণ্ডত পৰিণত কৰি পথচোৱাৰ সুন্দৰ্য ম্লান কৰাৰ লগতে এক অস্বাস্থ্যকৰ পৰিবেশ কৰি তুলিছে। কৰ্দযময় পৰিবেশ আৰু দুৰ্গন্ধৰ বাবে  উক্ত পথেৰে পাৰ হৈ যোৱা পথাচাৰি সকলে এতিয়া বহু সময়ত সমস্যাত পৰা পৰিলক্ষিত হৈছে। “স্বচ্ছ ভাৰত” অভিযান’ৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ পাছতো তালাপৰ এই বাইপাছ পথচোৱা দিনে দিনে কৰ্দযময় কৰিহে হৈ পৰাত এতিয়া চৰকাৰ এই অভিলাষী আচনিখনৰ প্ৰয়োজনীয়তা কত ইয়াক লৈ এতিয়া সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। বিষয়টোৰ সন্দৰ্ভত অতি শিঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

ঋতুপৰ্ণ সোণোৱাল, ছৈখোৱা। 

You might also like