নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ  নিৰ্বাচনকলৈ উখল মাখল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ এক উখল মাখল পৰিৱেশ দেখা গ’ল জোনাইত৷ আজি অন্তিম দিনা BJP ৰ মনোনীত প্ৰাৰ্থী হেমন্ত দেউৰী আৰু কংগ্ৰেছৰ ৰুনুমাই দেউৰীৰ মনোনয়ন পত্ৰ দাখিল।

আজি মনোনয়ন পত্ৰ জমা দিয়াৰ শেষৰ দিনা নিজৰ নিজৰ সমৰ্থকসহ সমদল কৰি মনোনয়ন পত্ৰ জমা দিবলৈ আহিল দলীয় প্ৰাৰ্থীসকলে৷  ১২ নং জোনাই সমষ্টিৰ বাবে ভাৰতীয় জনতা প্ৰাৰ্থী আৰু মিত্ৰ দলৰ উমৈহতীয়া মনোনীত প্ৰাৰ্থী হেমন্ত দেউৰী আৰু কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী ৰুনুমাই দেউৰীয়ে নিজৰ নিজৰ সমৰ্থক লৈ জোনাই নিৰ্বাচনী কাৰ্যালয়ত পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে৷ নিজৰ বিজয় এশ শতাংশ নিশ্চিত প্ৰকাশ কৰিছে প্ৰাৰ্থী সকলে যদিও ১২নং জোনাই সমষ্টিৰ মুঠ পাঁচটা ভোট কেন্দ্ৰত হ’বলগীয়া ৯৬৮ ভোটাৰে নিৰ্ণয় কৰিব কোনে শেষ হাঁহি মাৰিব।

You might also like